বঙাইগাঁও,১৪ অক্টোবৰ: আক্ৰাছুৰ মুখ্য কাৰ্যালয় বঙাইগাঁৱত আজি আক্ৰাছুৱে এক সংবাদ মেল অনুষ্ঠিত কৰে।
সংবাদ মেলত সংগঠনৰ নেতা সকলে জনায় যে আগন্তক ২০২১ চনৰ বিধান সভা নিৰ্ব্বাচনৰ পুৰ্বেই যদি চৰকাৰে কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পুৰ্ণৰূপে গঠন কৰে তেন্তে বিজেপি দললৈ পূৰ্ণ সমৰ্থন জনাব।
দীৰ্ঘ দিন ধৰি কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনক লৈ আন্দোলন চলাই আছে আক্ৰাছুৱে ।
শেষতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে আক্ৰাছুৰ দীৰ্ঘদিনীয়া আন্দোলনক স্বীকৃতি প্ৰদান কৰি কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে সেয়ে চৰকাৰক ধন্যবাদ জনায়।
ইপিনে কালি অনুষ্ঠিত হোৱা আক্ৰাছু আৰু ইয়াৰ সহযোগী সংগঠন সমুহৰ বৰ্ধিত কাৰ্য্যনিৰ্ব্বাহক সভাত কেইবাটিও প্ৰস্তাৱ লয় বুলি কয়।
উক্ত সভাতে আক্ৰাছু ,চিলাৰায় সেনা আৰু মহিলা সমিতিয়ে বিজেপি দল তথা চৰকাৰক ধন্যবাদ জনাই প্ৰস্তাৱ লৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কোচ ৰাজবংশী অধ্যুষিত গাঁও আৰু চহৰ সমুহ অন্তৰ্ভূক্ত কৰি প্ৰতি বছৰে ৫০০ কোটি টকাৰ পুজি আৱন্টনৰ দাবী জনায় ।
যোৱা ৯ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিভিন্ন দল সংগঠন আৰু পাঁচজনীয়া মন্ত্ৰী গোটৰ গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয় কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ সন্দৰ্ভত । উক্ত সভাত মন্ত্ৰী গোটৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল।
সেই অনুসৰি অবিভক্ত গোৱালপাৰা জিলা( গোৱালপাৰা, ধুবুৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা জিলা)ৰ কোচ ৰাজবংশী সকল যিহেতু অতি পিচপৰা শ্ৰেণীৰ(এমঅবিচি) অন্তৰ্ভুক্ত আছিল সেয়ে ভৈয়াম জনজাতিৰ সাংবিধানিক মৰ্যাদা দিয়াৰ প্ৰস্থাৱ গ্ৰহন কৰিছে চৰকাৰে আৰুসেই কাৰ্যক আক্ৰাছুয়ে আদৰণি জনায় ।
ইয়াৰ বাহিৰেও বিটিআৰৰ অন্তৰ্গত দুখন জিলা ক্ৰমে বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলকো ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়।
ইয়াৰ বাহিৰত থকা কোচ ৰাজবংশী সকলক জনজাতি(এন)প্ৰদান কৰি ফেৰ মাৰিব পৰাকৈ ভূমি, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিক অধিকাৰ সমুহ সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।
ইপিনে আন এটা প্ৰস্তাৱ মৰ্মে অসম ভিত্তিত কোচ ৰাজবংশী উন্নয়ন পৰিষদ খন বৰ্তমান অসম চৰকাৰে ৪০/৪৫ জনীয়া সদস্যৰে নতুনকৈ উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত চৰকাৰক ধন্যবাদ জনায় । উক্ত পৰিষদত অধিক পুঁজি প্ৰদান কৰি আক্ৰাছুৰ দ্বাৰা গঠন কৰাৰ বাবে দাবী জনায়।
সংবাদ মেলত আক্ৰাছু নেতৃত্বই জনায় যে কম সময়ৰ ভিতৰতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ বিষয় লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা হ’ব।
সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়, সভাপতি অৰুণ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, মহিলা সমিতিৰ সভানেত্ৰী পুৰবী সৰকাৰ সহ চিলাৰায় সেনাৰ নেতৃত্বও উপস্থিত থাকে।
Comments