বঙাইগাঁও, ১৪ অক্টোবৰ: অগপৰ জন্মলগ্নৰে পৰা একেধাৰে বিধান সভা নিৰ্বাচনত জয়ী হৈ বঙাইগাঁও বিধান সভা সমষ্টিত খোপনি পুতি থকা স্থানীয় বিধায়ক তথা মিত্ৰজোট ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৩৫ বছৰীয়া অক্ষত দূৰ্গ এইবাৰ এছ আই নিযুক্তিৰ কেলেংকাৰিয়ে কপাঁই তুলিছে৷
মন্ত্ৰী গৰাকীৰ অতি ঘনিষ্ঠ সোঁ হাত স্বৰুপ বঙাইগাঁও চহৰৰ প্ৰতিস্থিত ব্যৱসায়ী অক্ষয় চান্দ বৈদৰ নামত থকা অক্ষয় টেলি কমিউনিকেশ্যন জড়িত হৈ পৰিছে। মন্ত্ৰী গৰাকীৰ অতি ঘনিষ্ঠ ব্যক্তিৰ নাম আৰু প্ৰতিষ্ঠানৰ নাম সাঙোৰ খোৱাত এক প্ৰকাৰ দিশহাৰা হৈ বহি থকাৰ লগতে ৰাইজৰ পৰা নিলগত আছে মন্ত্ৰী গৰাকী৷ আগন্তক ২০২১ চনৰ বিধন সভা নিৰ্বাচনৰ প্ৰাকক্ষনত এনে কাৰ্যৰ সৈতে তেওঁৰ নাম সাঙোৰ খোৱাটো এক প্ৰকাৰ ৰাজনৈতিক ক্ষতি।
কিন্তু আজি বঙাইগাঁৱত এছ আই নিযুক্তিৰ কেলেংকাৰিৰ সম্পৰ্কত পোন প্ৰথমবাৰৰ বাবে মুখ খুলিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷
বঙাইগাঁৱত অগপৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে একাংশ দল সংগঠনক প্ৰত্যাহবান জনাই কয় যদি এই কেলেংকাৰিৰ সৈতে তেওঁ যুক্ত থকাৰ প্ৰমান দিব পাৰে তেন্তে সকলো দোষ মূৰ পাতি ল’ব। তেওঁ কয়, "মই যদি এছ আই কেলেংকাৰীত জড়িত তেন্তে আপোনালোকে প্ৰমাণ কৰক। "
বিভিন্ন দল সংগঠনে এই কেলেংকাৰিৰ সৈতে মন্ত্ৰীৰ নাম বাৰে বাৰে উত্থাপন কৰি আহিছিল আৰু এনে চৰ্চা চলি থকাৰ মাজতে আজি বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰী অক্ষয় চান্দ বৈদ সম্পৰ্কত কয় যে কেৱল অক্ষয় চান্দ বৈদেই নহয় বঙাইগাঁৱৰ সকলো ব্যৱসায়ীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল৷ তেওঁ কয়- নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ দল- সংগঠনে হকে -বিহকে অভিযোগ উত্থাপন কৰে ৷ এনে কাৰ্য সমৰ্থন যোগ্য নহয়।
Comments