Cartoon
View Older
গুৱাহাটী , ১৪ অক্টোবৰ: ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ বৰ্তমান পেৰিছ চেইণ্ট জাৰ্মান দলৰ খেলুৱৈ নেইমাৰে ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হব ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জনৰ এখন খেলত পেৰুৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি ব্ৰাজিলৰ হৈ সৰ্বাধিক গল দিয়াৰ তালিকাত ২য় স্থান লাভ দখল কৰিছে । উক্ত খেলত ব্ৰাজিলে পেৰুক ৪-২ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয় ।
নেইমাৰে এইক্ষেত্ৰত ব্ৰাজিলৰ কিংবদন্তী খেলুৱৈ ৰোনাল্ডোৰ ব্ৰাজিলৰ হৈ কৰা দ্বিতীয় সৰ্বাধিক গলৰ ৰেকৰ্ড ভংগ কৰে ।
ৰোনাল্ডোয়ে ব্ৰাজিলৰ হৈ মুঠ ৯৮খন খেলত ৬২টা গল কৰিছে, আনহাতে নেইমাৰে মুঠ ১০৩খন খেলত ৬৪টা গল কৰে ।
ব্ৰাজিলৰ হৈ সৰ্বাধিক গল কৰিছে কলা হীৰা খ্যাত পেলে । পেলে ব্ৰাজিলৰ হৈ ৭৭টা গল কৰিবলৈ সক্ষম হৈছে ।
Comments