Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১৭ অক্টোবৰ:অহা ২ নবেম্বৰৰ পৰা ৰাজ্যত খোলা হ’ব শিক্ষানুষ্ঠানসমূহ।আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ আয়োজন কৰি কয় যে," ৰাজ্যত নতুনকৈ কৰ'নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে।
পজিটিভৰ সংখ্যা ৰাজ্যত আগতকৈ কমিছে।দুৰ্গাপূজাৰ সময়ত নীতি নিয়ম মানি চলিলে কোভিড-১৯ৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে।২ নবেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলা হ’ব।
পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো ২ নবেম্বৰৰ পৰা খোলা হ’ব।অভিযান্ত্ৰিক-পলিটেকনিকৰ বাবে অনলাইন ক্লাছো চলি থাকিব।অৱশ্যে বিশ্ববিদ্যালয় খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত নলয়।
ছাত্ৰাবাসসমূহো আৰম্ভণিৰ এমাহ বন্ধ থাকিব।প্ৰয়োজন হ’লে ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব।"
Comments