Classifieds
View All
গুৱাহাটী, ১৭ অক্টোবৰ : এটাৰ পিছত আন এটা বিপদৰ সন্মুখীন হৈছে বলীউদৰ কুইন খ্যাত কংগনা ৰানাৱট ।মুম্বাইৰ এখন আদালতে অভিনেত্ৰী গৰাকী আৰু তেওঁৰ ভগ্নী ৰংগলি ৰানাৱটৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ চেষ্টা কৰাৰ অভিযোগত অভিনেত্ৰী আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে ।
কংগনা ৰানাৱটৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল বলীউদৰ কাষ্টিং নিৰ্দেশক চাহিল আশ্রফল চয়েডে ।
আদালতে এই সম্পৰ্কে নিৰ্দেশ দি কয় যে - "এই অভিযোগ সমূহ ইলেক্ট্ৰনিক মেডিয়া সমূহত দিয়া মন্তব্য সমূহৰ বাবে দিয়া হৈছে । এইক্ষেত্ৰত এজন বিশেষজ্ঞৰ জৰিয়তে ইয়াৰ তদন্ত হোৱাটো জৰুৰী ।"
Comments