Cartoon
View Older
ষ্টাফ ৰিপ’র্টাৰ ৮ নৱেম্বৰ ; লখিমপুৰ জিলাৰ চাউলধোৱাত মহিলা সহ পাঁচ এন এছ চি এন কেডাৰক আৰক্ষীয়ে আটক কৰে । চৰাইদেউৰ পৰা সেনাৰ এটা দল আৰু ডিব্ৰুগড় ববৰুৱা আৰক্ষীয়ে চাউলধোৱা আৰক্ষীৰ সহযোগত অনুসৰণ কৰি আহি এন এছ চি এনৰ সদস্যৰ দলটোক আটক কৰে ।
নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এন এছ চি এন ৰ কেডাৰ কেইজন ক্ৰমে ৱাটি ফোম (২৮), লংচাহ কৈন্যাক (২৭) নকং কৈন্যাক (২৮), কিয়া ৱাং (২৯), অমন কৈন্যাক আৰু চালক গৌৰৱ ভুঞা ।
আটকাধীন কেডাৰৰ দলটোৰ পৰা কেইবাটাও মোবাইল ফোনৰ লগতে ডেৰ লক্ষাধিক টকা জব্দ কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত সেনা বাহিনীৰ লগতে লখিমপুৰ আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীক ছমজাই দিয়ে কেডাৰ কেইজনক ।
Comments