গুৱাহাটী , ৯ নৱেম্বৰ: গোৰক্ষপুৰ আৰু আগৰতলাৰ বেচৰকাৰী সংস্থাই আগন্তুক দিপাৱলীত পৰিবেশ অনুকূল দিপাৱলী উদযাপন কৰিবলৈ গৰুৰ গোবৰৰ চাকি আৰু বাঁহৰ লাঠীৰে মমবাটি নিৰ্মাণ কৰিছে । ক'ভিড ১৯ৰ মহামাৰীৰ এই সময়ত ভাৰতীয় অৰ্থনীতিলৈ এই পদক্ষেপে অৱদান আগবঢ়োৱাৰ লগতে প্ৰতিটো খণ্ড বিশেষকৈ সৰু সৰু ব্যৱসায়ী সকলক আত্মনিৰ্ভৰ কৰাৰ বাবে উৎসাহিত কৰিছে ।
উত্তৰ প্ৰদেশৰ সাক্ষী মহিলা নামৰ সমাজকর্মী এগৰাকীয়ে গৰুৰ গোবৰৰে নিৰ্মিত প্ৰতিমা আৰু চাকি নিৰ্মাণৰ বাবে স্থানীয় মহিলা সকলক প্ৰশিক্ষণ দি আছে । সাক্ষীয়ে এইক্ষেত্ৰত কয় যে তেওলোকে আগতে লক্ষ্মী পূজা, গণেশ পূজাৰ সময়ত ঠাই গৰুৰ গোবৰেৰে মচিছিলোঁ । বৰ্তমান সময়ত আমি সকলো প্ৰতিমা ইয়াৰ সহায়ত প্ৰস্তুত কৰিছোঁ । উল্লেখনীয় যে এই চাকি সমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে । চীনত নিৰ্মিত বস্তু সমূহ আকৰ্ষণীয় হয় যদিও এইবোৰে প্ৰদূষণত বহুত বেছি অৰিহণা যোগাই । বেচৰকাৰী সংস্থাৰ এই পদক্ষেপে প্ৰদূষণ নিয়ন্ত্ৰণতো অৰিহণা আগবঢ়াব ।
আনহাতে ত্ৰিপুৰাৰ চিপাহিজিলাৰ মহিলা সকলৰ এটা আত্মসহায়ক গোটে পৰিবেশৰ প্ৰতি অনুকূল বাঁহৰ মমবাটি নিৰ্মাণ কৰিছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এটা অনুষ্ঠানত বাঁহৰ মমবাটি মুকলি কৰে । মুকলি কৰি মুখ্যমন্ত্ৰী বিপ্লৱ দেবে কয় যে - "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাতত বাঁহৰ খণ্ড আৰু ভ'কেল ফৰ ল'কেলৰ কথা কয় । আত্মসহায়ক গোটৰ মহিলা সকলৰ এই পদক্ষেপে প্ৰমাণ কৈছে যে প্ৰধানমন্ত্ৰীৰ আহ্বান দেশৰ সকলো অঞ্চলত বিশেষ প্ৰভাৱ পেলাইছে ৷”
Comments