গুৱাহাটী , ৯ নৱেম্বৰ: আমেৰিকাৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান পিফাইজাৰ আৰু জাৰ্মানীৰ বায়'এনটেকে সোমবাৰে ঘোষণা কৰে যে তেওঁলোকে নিৰ্মাণ কৰি থকা ক'ভিড ১৯ৰ ভেকচিন ৯০শতাংশ কাৰ্যকৰী হিচাপে প্ৰমাণিত হৈছে । উক্ত প্ৰতিষ্ঠানটোৱে আমেৰিকাত জৰুৰীকালীন ভাবে ব্যৱহাৰ কৰিবলৈ অনুমতি বিছাৰি কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব ।
পিফাইজাৰৰ অধ্যক্ষই এই বিষয়ত মতামত দি কয় যে আজি বিজ্ঞান আৰু মানৱতাৰ বাবে এটা বিশেষ দিন। যি সময়ত বিশ্বত আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে আৰু নতুন নতুন ৰেকৰ্ড কৰিবলৈ ধৰিছে , চিকিৎসালয় সমূহ ক্ষমতাৰ বাহিৰলৈ গৈ আছে আৰু অৰ্থনীতি পুনৰ মুকলি হ’বলৈ বিচাৰিছে কিন্তু ক’ভিড ১৯য়ে বাধা প্ৰদান কৰিছে তেনে ক্ষেত্ৰত আমি ভেকচিন নিৰ্মাণৰ যাত্ৰাত এক বিশেষ স্থানত উপনীত হৈছোঁ ।
উল্লেখ্য যে পিফাইজাৰৰ এই ঘোষণা কৰিলেও উক্ত ভেকচিন আসন্ন নহয় । এক সমীক্ষাত ওলাইছে যে আমেৰিকাকে ধৰি ৫খন দেশৰ ধৰি ৪৪,০০০ জনসাধাৰণৰ ওপৰত কৰা এই পৰীক্ষাত ৯৪টা সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে । তদুপৰি পিফাইজাৰৰ এই দাবী বৰ্তমান সময়লৈ কোনোধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত থকা গৱেষণা পত্ৰত প্ৰকাশ নাই পোৱা ।
Comments