মাৰ্ঘেৰিটা, ৫ নবেম্বৰঃ মাৰ্ঘেৰিটা নগৰৰ জয়ানগৰস্থিত সুধাকণ্ঠৰ পূৰ্ণাংগ প্রতিমূৰ্ত্তীৰ স্থাপন স্থলিত আজি ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত "সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চ"ৰ উদ্যোগত কথা সুৰ গীত কবিতাৰে বিশ্ব শিল্পী গৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয়।পুৱা প্রতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্রজ্বলনেৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পবিত্র কুমাৰ দাসে পাতনি মেলা কায্যসূচীত আদৰণি ভাষণ আৰু উদেশ্য ব্যাখ্যা আগবঢ়ায় পবিত্র বৰগোহাঞিয়ে। স্থানীয় শিল্পী ক্ৰমে ৰাজলক্ষী দেৱী গ'গৈ, নিৰ্মালি কলিতা মাহাও, বুলি বৰা, জ্যোতি গ'গৈ, দক্ষিণা গোস্বামী, লিপিকা শৰ্মা, বিউতি দাস, সংস্কৃতি বৰুৱা,ৰাণু চেতীয়া, মিনাক্ষী দেৱী আদিয়ে সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চৰ মূল সমবেত সংগীতটি পৰিবেশনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি, উপন্যাসিক মৃণাল কুমাৰ গগৈয়ে।
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, লিডু কলেজৰ অধ্যক্ষ ড০ কৃপা প্রসাদ উপাধ্যায় , সুধাকণ্ঠ সুৰক্ষা মঞ্চৰ হৈ আনন্দ শৰ্মা, প্রণৱ গগৈ, মাৰ্ঘেৰিটা নগৰ সমতিৰ প্রাক্তণ সভাপতি নিৰু বৰা, সাহিত্যিক পেণ্সনাৰ বৰুণ বৰা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি জ্যোতিষ ৰায় আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্ত উপস্থিত থকা অনুষ্ঠানটি উদ্ধোধন কৰে বিশিষ্ট কবি ,সাহিত্যিক পেণ্সনাৰ পূণ্য শইকীয়াই।
অমৃত বৰঠাকুৰ, সুদেষ্ণা শইকীয়া, বিউতি বৰুৱা, প্ৰণৱ প্ৰিয়াংকুশ গ'গৈ আদি কেইবা গৰাকী কবিয়ে কবিতা আবৃত্তিৰে সুধাকণ্ঠক সোৱঁৰে আৰু বহু জনে সুধাকণ্ঠৰ গীতেৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক শ্রদ্ধা জ্ঞাপন কৰে | আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৃতি গ্রন্হ ব্ৰৰ্হিমান উন্মোচন কৰে মাৰ্ঘেৰিটা কলেজৰ অসমীয়া বিভাগৰ মূৰবী অধ্যাপক ড০ ৰমেন হাজৰিকাই ।আজিৰ অনুষ্ঠানত সমাজকৰ্মী দেৱজিত বৰুৱা আৰু ৰাজ্যিক কৃৰ্তী শিক্ষকৰ বঁটা প্রাপ্ত জেউতি দত্তক সম্বৰ্ধনা জনোৱা হয়।
একেটা অনুস্থানতে মাৰ্ঘেৰিটাৰ সু চিকিৎসক ডাঃ মনোজ কুমাৰ গগৈৰ লগতে স্থানীয় শিল্পী পূজা পুৰুকায়স্থই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰাৰ লগতে ডাঃ চনথ কুমাৰ দত্তই ভায়লিনত সুৰ সমলয় পৰিবেশন কৰে। অনুস্থানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গবেষনা বিভাগৰ ছাত্ৰ চিৰাজ বৰাই মু্কাভিনয় প্ৰদৰ্শন কৰে।
Comments