Cartoon
View Older
গুৱাহাটী, ১১ নৱেম্বৰ: ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ চন্দচুদড়ে ২০১৮ চনৰ এজন ব্যাক্তিৰ আত্মহত্যাৰ উচটনি গোচৰত গ্ৰেপ্তাৰ কৰা অৰ্ণৱ গোস্বামী সহ অন্য দুয়োজন অভিযুক্তলৈ ৫০,০০০ টকাৰ বণ্ডত জামিন প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ে আৰক্ষী আয়ুক্তক অর্ণৱ গোস্বামীক অতিশীঘ্ৰেই জেলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে সোমবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ পিছত মঙলবাৰে অৰ্ণৱ গোস্বামীৰ অধিবক্তাই দেশৰ উচ্চতম ন্যায়ালয়ত বাবে জামিন আবেদন দাখিল কৰিছিল।
Comments