Classifieds
View All
গুৱাহাটী , ১১ নৱেম্বৰ: কালি ঘোষণা কৰা উৰিষ্যা বিধানসভাৰ ২খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত বিজু জনতা দলে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ বেলছ'ৰেত বিজু জনতা দলৰ স্বৰূপ কুমাৰ দাসে ভাৰতীয় জনতা পাৰ্টিৰ মানস কুমাৰ দত্তক ১৩,৩৫১টা ভোটত পৰাজিত কৰে । টিৰট'ল সমষ্টিত বিজু জনতা দলৰ বিজয় শংকৰ দাসে বিজেপিৰ ৰাজকিশোৰ বেহৰা ৪১,৭০৩টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । ২০১৯ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজু জনতা দলে ১১২খন আসনত বিজয়ী হ’বলৈ সক্ষম হৈছিল ।
Comments