গুৱাহাটী, ১১ নৱেম্বৰঃ কভিড ১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আই পি এল ২০২০ৰ বিজেতা আৰু ৰানাৰ্ছ আপ দলে পুৰস্কাৰৰ মুঠ ধনৰ পৰা ৫০% হ্ৰাস কৰাৰ কথা আছিল যদিও এই সিদ্ধান্ত বাতিল কৰা হয় ।
আই পি এল ২০২০ৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২০ কোটি টকা আৰু ৰানাৰ্ছ আপ দিল্লী কেপিটেলছে ১২.৫ কোটি টকা লাভ কৰে। মুম্বাই ইণ্ডিয়ানছক লগতে দিয়া হয় আই পি এল ২০২০ৰ ফেয়াৰ প্লে’ৰ পুৰস্কাৰ । ফাইনেলৰ মেন অফ দ্যা মেটছৰ বঁটা লাভ কৰা ট্ৰেন্ট বৌল্টে লাভ কৰে ৫লাখ টকা ।
প্ৰতিযোগিতাৰ ইমাৰজিং প্লেয়াৰৰ বঁটা লাভ কৰা দেবদত্তই পায় ১০লাখ টকা । ৰয়েল চেলেঞ্জার্ছৰ হৈ অ’পেনিং কৰিবলৈ অহা দেবদত্তই ১৫খন খেলত ৫টা অর্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছিল ৪৭৩ৰান ৷
কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়কক কে এল ৰাহুলক প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ বাবে ১০লাখ টকা আৰু প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ গেম চেঞ্জাৰৰ বাবে পুৰস্কাৰ হিচাপে দিয়া হয় ১০ লাখ টকা । কে এল ৰাহুলে ১৪খন খেলত সংগ্ৰহ কৰিছে ৬৭০ ৰান ৷ তাৰ ভিতৰত শতক এটা, অর্ধশতক ৫টা ৷
মুম্বাই ইণ্ডিয়ানছৰ কিৰণ প'লাৰ্ডক প্ৰতিযোগিতাৰ চুপাৰ ষ্ট্ৰাইকাৰৰ বাবে দিয়া হয় ১০লাখ টকা । ১৯১.৪২ ষ্ট্ৰাইক ৰেটেৰে আই পি এল ২০২০ত ১৬খন খেলত সংগ্ৰহ কৰিছিল ২৬২ ৰান ৷ একেটা দলৰ ঈশান কিশনক সৰ্বাধিক মুঠ ৩০টা ৬কোবোৱাৰ বাবে দিয়া হয় লেটছ ক্ৰেক ইনটু ছিক্স বঁটা । উক্ত বঁটাত দিয়া হয় ১০লাখ টকা ।
প্ৰতিযোগিতাত সৰ্বাধিক মুঠ ৩০টা উইকেট দখল কৰা কাগিছো ৰাবাডাক পুৰস্কাৰ হিচাপে দিয়া হয় ১০লাখ টকা ।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ জ'ফ্ৰা আৰ্চাৰক দিয়া হয় ১০লাখ টকা ৷ ১৪খন খেলত ১৭৯.৩৬ৰ ষ্ট্ৰাইক ৰেটেৰে ১১৩ৰান সংগ্ৰহ কৰাৰ উপৰি দখল কৰে মুঠ ১৪টা উইকেট ৷
Comments