Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৩০ অক্টোবৰ:ছচিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান ! অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লােকসকলক লক্ষ্য কৰি বহিঃৰাজ্যৰ হনী ট্ৰেপিং চক্ৰই ছচিয়েল মিডিয়াত পেলাইছে ভয়ংকৰ জাল।
আপােনাৰ হােৱাটছএপৰ নম্বৰ লােৱাৰ পিছতেই ব্লেকমেইলিং চক্রই হােৱাটছএপযােগে ভিডিঅ' কল কৰে আৰু ৰিচিভ কৰিলেই ভিডিঅ’ কলত সম্পূর্ণ উলংগ চেহেৰা,অশ্লীল কাৰুকার্য কৰি দেখুৱায়।এনে ভিডিঅ’ কল ৰিচিভ কৰাৰ লগে লগে চক্রটোৱে বিশেষ কৌশলেৰে স্কেনিং কৰি ইয়াৰ পিছত আৰস্তু কৰে ব্লেকমেইলিং।
দাবী কৰা ধন নিদিলেই উক্ত ভিডিঅ’ ফেচবুক-ইউটিউব আদিত ভাইৰেল কৰি দিয়া বা ফেচবুকত থকা আপােনাৰ পৰিয়ালৰ লোকলৈ পঠিয়াই দিয়াৰ ভাবুকি দিয়ে।
উল্লেখযোগ্য যে,শেহতীয়াকৈ এই চক্রটোৰ জালত পৰি কলেজীয়া ছাত্র-ছাত্রীৰ পৰা অধ্যাপকলৈকে বিভিন্নজনে থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
Comments