প্ৰণৱজ্যোতি দত্ত,৩১ অক্টোবৰ:জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত ক'ভিড পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
হিমন্ত বিশ্ব শৰ্মাই কয় যে," ক'ভিড পজিটিভ ২শতাংশৰ তলত আছে।অসমৰ মানুহ ২৪ ঘণ্টাৰ ভিতৰত বাহিৰলৈ গৈ ঘূৰি আহিলে টেষ্ট কৰিব নালাগে।৭২ ঘণ্টাৰ ভিতৰত অসমত উপস্থিত হোৱা বিমান যাত্ৰীয়ে যদি উঠাৰ আগত টেষ্ট কৰি আহে তেন্তে ক'ভিড টেষ্ট কৰাব নালাগে।
১০ বয়সৰ পর্যন্ত শিশুৰ টেষ্ট কৰিব নালাগে।তেওঁৰ মাক দেউতাকে টেষ্ট কৰালেই হ’ল।যদিহে অভিভাৱকে বিচাৰে তেন্তে কৰাব পাৰে৷বাহিৰৰ পৰা তদন্তৰ বাবে অহা লোকে অসমত টেষ্ট কৰিব নালাগে।
CBI ৰ বিষয়া, ED ৰ বিষয়া, বেংকৰ উচ্চ পদস্ত বিষয়া, কৰ বিষয়া ইত্যাদি অসমলৈ আহিলে কোভিড টেষ্ট কৰিব নালাগে।WORLD বেংক, UNESCO ইত্যাদি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মানুহ আহিলে কোভিড টেষ্ট কৰিব নালাগে।
Comments