Cartoon
View Older
গুৱাহাটী , ৪নৱেম্বৰ : বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে কবি আৰু গীতিকাৰ জাভেদ আখতাৰে । সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ কৰা মন্তব্যৰ বাবে জাভেদ আখতাৰে গোচৰ ৰুজু কৰিছে কংগনা ৰানাৱটৰ বিৰুদ্ধে ।
আনহাতে মুম্বাই আৰক্ষীয়ে কংগনা ৰানাৱট আৰু তেওঁৰ ভগ্নী ৰংগোলি ৰানাৱটক ১০ আৰু ১১ নবেম্বৰত তেওলোকে কৰা মন্তব্যৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰাৰ অপৰাধত চমন জাৰি কৰিছে ।
জানিব পৰা অনুসৰি বৰ্তমান সময়ত ৰানাৱট হিমাচল প্ৰদেশত আছে আৰু যিজৰ সম্পৰ্কীয় ভাতৃৰ বিবাহত ব্যস্ত হৈ আছে ।
Comments