গুৱাহাটী, ৩ ডিচেম্বৰঃ আমেৰিকাৰ সেনাৰ হাতত নিহত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী ওচামা বিন লাডেন পুত্ৰই আশ্চৰ্যজনক দাবী কৰিছে। বিন লাডেনৰ পুত্ৰ ওমৰে দাবী কৰি কৈছে যে, "মোৰ দেউতাই মোক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ প্ৰশিক্ষণ দিছিল। যেতিয়া মই সৰু আছিলো তেওঁ আফগানিস্তানত বন্দুক চলাইছিল আৰু কুকুৰৰ ওপৰত ৰাসায়নিক অস্ত্ৰ পৰীক্ষা কৰিছিল। লাডেনৰ পুত্ৰ ওমৰে কাটাৰ ভ্ৰমণৰ সময়ত এক বিশেষ সাক্ষাৎকাৰত এই দাবী কৰিছে। য'ত তেওঁ কৈছে যে, "মই বহুত কষ্ট পাই আছো আৰু মোৰ দেউতাৰ সৈতে হোৱা বেয়া সময়বোৰ পাহৰিবলৈ চেষ্টা কৰি আছোঁ।"
৪১ বছৰীয়া ওমৰ পেছাত এগৰাকী চিত্ৰশিল্পী আৰু এতিয়া তেওঁৰ পত্নী জীনাৰ সৈতে ফ্ৰান্সত বাস কৰে। তেওঁ আৰু কৈছে যে, "বিন লাডেনে মোক কৈছিল যে মই তেওঁৰ কাম আগুৱাই নিবলৈ বিশেষভাৱে বাছনি কৰা পুত্ৰ, কিন্তু মই ২০০১ চনৰ এপ্ৰিলত নিউয়ৰ্কত ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কেইমাহমান আগতে আফগানিস্তান ত্যাগ কৰাৰ সিদ্ধান্ত লওঁ।
Comments