গুৱাহাটী, ৩ ডিচেম্বৰঃ নাটোৱে ভাৰতক মস্কো বিৰোধী আৰু বেইজিং মিত্ৰতাত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰি থকা সন্দৰ্ভত ভাৰতে শেহতীয়াকৈ ৰাছিয়াৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে এই দাবী সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে, "ভাৰত এখন ডাঙৰ দেশ, যি নিজৰ বলত থিয় হৈ আছে আৰু গৌৰৱান্বিত। কোনেও দেশখনক কোনো ক্ষেত্রতে জোৰ কৰিব নোৱাৰে। ভাৰতৰ এক বহুমাত্ৰিক স্বতন্ত্ৰ নীতি আছে। ৰাছিয়াৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত, ই হৈছে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব, যি কেতিয়াও শক্তিশালী হোৱা নাই।"
কম্বোজে আৰু কৈছে যে, "আমি আৰম্ভণিৰে পৰা অতি স্পষ্ট হৈ আহিছো, আমি সদায়ে একে স্বৰত শান্তিৰ কথা কৈ আহিছো। আমি কূটনীতি আৰু আলোচনাৰ পক্ষত আছো। ইয়াৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে দুয়োপক্ষৰ সৈতে কথা পাতি আছে। আমিও দুয়োখন দেশৰ সৈতে কথা পাতি থকা আন দেশসমূহৰ ভিতৰত এখন দেশ।
Comments