Cartoon
View Older
গুৱাহাটী, ৩ ডিচেম্বৰঃ শুকুৰবাৰে কাছাৰৰ কালাইত ইটা ভাটাত চিমনী খহি ৫ জন শ্ৰমিক নিহত হয়। বিস্ফোৰণত আহত হোৱা আবু চুফিয়ান নামৰ শ্ৰমিকজনৰ এছএমচিএইচত চিকিৎসাধীন অবস্থাত মৃত্যু হয়, লগতে আশ্ৰাফুল ইছলাম নামৰ কিশোৰজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইয়াৰ লগতে সুনীল পাছোৱান আৰু মেদনি পাছোৱানক চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয়।
ইপিনে, উক্ত দুৰ্ঘটনাত আহত হোৱা আন ৯ জন বৰ্তমান এছএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে। আহত লোককেইজন ক্ৰমে, ছাহাদুল ইছলাম, দিলোৱাৰ হুছেইন, আজমল আলী, সুনীল কুমাৰ, গৌৰৱ মহাতো, ব্ৰিজেশ কুমাৰ আৰু বিৰজু কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
Comments