গুৱাহাটী, ৩ ডিচেম্বৰঃ ছান ফ্ৰান্সিস্কোস্থিত গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইক আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ এক অন্যতম পদ্মভূষণেৰে সন্মানিত কৰে।
এই বিষয় সন্দৰ্ভত টুইটাৰযোগে সান্ধুৱে কয় যে, "ছান ফ্ৰান্সিস্কোত চিইঅ' @Google এণ্ড এলফাবেট @sundarpichai ক পদ্মভূষণ অৰ্পণ কৰি আনন্দিত হৈছো। #Madurai পৰা মাউণ্টেইন ভিউলৈ সুন্দৰৰ অনুপ্ৰেৰণামূলক যাত্ৰা, ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ সম্পৰ্ক শক্তিশালী কৰা, বিশ্বব্যাপী উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ অৱদানক পুনৰ নিশ্চিত কৰে। ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত সুন্দৰ পিচাইক পদ্মভূষণ প্ৰদান কৰা হ'ব বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
ইপিনে, সান্ধুৰ পৰা পদ্মভূষণ বঁটা লাভ কৰাৰ কথা জনাৰ পিছত সুন্দৰ পিচাইয়ে তেওঁৰ ব্লগত কয় যে, "পদ্মভূষণেৰে মোক সন্মানিত কৰাৰ বাবে মই ৰাষ্ট্ৰদূত সান্ধু আৰু কনচুল জেনেৰেল প্ৰসাদক ধন্যবাদ জনাব বিচাৰো। এই অপৰিসীম সন্মানৰ বাবে মই ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম।"
Comments