গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰ ঃ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক কৃষকৰ নাম পঞ্জীয়নভুক্ত হোৱাটো নিশ্চিত কৰিবলৈ কৃষি বিষয়াসকলক কৃষি মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিছে৷ কেৱল কৃষি বিষয়াসকলকেই নহয়, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখনৰ সৈতে জড়িত বীমা কোম্পানীসমূহক এইক্ষেত্ৰত যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে৷
উল্লেখযোগ্য যে আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ‘শস্য বীমা সপ্তাহ৷’ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত এই শস্য বীমা সপ্তাহৰ শুভাৰম্ভ কৰে মন্ত্ৰী বৰাই৷ খানাপাৰাস্থিত কৃষি ভৱনত শস্য বীমা সপ্তাহৰ শুভাৰম্ভ কৰাৰ লগতে কৃষকৰ মাজত শস্য বীমা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সজাগতামূলক ভেনৰো মন্ত্ৰী বৰাই আজি শুভাৰম্ভ কৰে৷
এই দুয়োটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে প্ৰাকৃতিক দুৰ্যোগে প্ৰতিবছৰে ৰাজ্যখনৰ কৃষকসকলৰ ক্ষতিসাধন কৰি আহিছে৷ বছৰে বছৰে উৎসৱ অহাৰ দৰে প্ৰতিকূল বতৰৰ বাবে কৃষকসকল সীমাহীন ক্ষতিৰ সন্মুখীন হৈ অহাৰ কথা উল্লেখ কৰি এই ক্ষতিৰ পৰা উদ্ধাৰ পাবৰ বাবে কৃষকসকলক শস্য বীমা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ৩ান জনায়৷
তেওঁ কয় যে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিখন সন্দৰ্ভত এতিয়াও বহু কৃষক সজাগ নহয়৷ যাৰ ফলত প্ৰতিকূল বতৰত ক্ষতি হোৱা বহু কৃষকে বীমা ধন পাবলৈ সক্ষম নহয়৷ সেয়ে গৰিষ্ঠ সংখ্যক কৃষকে যাতে ফচল বীমা যোজনাত নাম পঞ্জীয়ন কৰিব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ কৃষি বিষয়াসকলৰ লগতে বীমা কোম্পানীসমূহক নিৰ্দেশ দিয়ে৷
উল্লেখযোগ্য যে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকৰ এই বীমা যোজনাৰ অধীনত নাম পঞ্জীভুক্ত কৰিবলৈ বাকী আছে যদিও বীমা কৰা কৃষকসকলে বিগত দুটা বছৰত ২৯৩.১২ কোটি টকা ক্ষতিপূৰণৰ ধন লাভ কৰিবলৈ সক্ষম হয়৷ ২০২০-২১ আৰু ২০২১-২২ বিত্তীয়বছৰ দুটাত প্ৰায় ৫ লাখ কৃষকৰ বিপৰীতে এই ধনৰাশি আগবঢ়োৱা হয়৷
গুৰুত্বপূৰ্ণ যে প্ৰতি এক হেক্টৰ ভূমিৰ বিপৰীতে এশ টকা বহন কৰিলে কৃষকে এই বীমা যোজনাৰ সুবিধা লাভ কৰিব পাৰে৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই শালিধান, মাটিমাহ, মৰাপাট, বৰোধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হৰ খেতি সামৰি লোৱা বুলি আজিৰ এই অনুষ্ঠানত মন্ত্ৰী বৰাই সদৰী কৰে৷
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ক্ষতিপূৰণ হিচাপে আজিৰ এই অনুষ্ঠানতেই মন্ত্ৰী বৰাই কৃষক দেৱীচৰণ দলেক প্ৰায় ৫২ হাজাৰ, বিজন মুৰ্মুক ৪৬ হাজাৰ, চিমিয়ন চোৰেণক ৪৯ হাজাৰ, দুখেশ্বৰ ৰাভাক ১৯ হাজাৰ, অজয় চোৰেনক ৪৬ হাজাৰ আৰু চেলোমন মুৰ্মুক ৪৯ হাজাৰ টকাৰ চে’ক প্ৰদান কৰে৷
Comments