ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰ ঃ ‘অপাৰেশ্যন হৈ গ’ল৷ এতিয়া চিন্তা আঁতৰিল৷ ধন্যবাদ ডাক্তৰ৷’ আজি আদিত্য নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ বলি হোৱা আনন্দ শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া৷
উল্লেখযোগ্য যে আনন্দ শৰ্মাৰ ৰাজহাড়ত কৰা এক জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈ যায়৷ নাৰ্ছিংহোমখনৰ আই চি ইউত ভৰ্তি হৈ থকা ছাত্ৰজনক আজি পুৱা প্ৰায় ১০ বজাত অস্ত্ৰোপচাৰ কক্ষলৈ নিয়া হৈছিল৷ প্ৰাপ্ত তথ্য মতে, মূল অস্ত্ৰোপচাৰ প্ৰায় ১১ বজাত আৰম্ভ হয় আৰু ৪ ঘণ্টাৰ অন্তত বিয়লি প্ৰায় ৩ বজাত এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়৷
আদিত্য নাৰ্ছিংহোমখনৰ স্বত্বাধিকাৰী বিশিষ্ট চিকিৎসক নিৰ্মল চাহেৱালাই জনোৱা মতে নিউৰ’ চাৰ্জন ডাঃ অলিন পান্নালালে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷ তেওঁক সহযোগিতা আগবঢ়ায় হৃদৰোগৰ চিকিৎসকদ্বয় ক্ৰমে ৰেজা আহমেদ আৰু মাধুৰ্য শইকীয়াই৷ এনাছথেচিয়নজিষ্ট হিচাপে আছিল ডাঃ বিজয়৷
উল্লেখযোগ্য যে অস্ত্ৰোপচাৰৰ পূৰ্বে সাৱধানতাৰ বাবে আনন্দৰ শৰীৰত অস্থায়ী পেচ মেকাৰ যন্ত্ৰ স্থাপন কৰি লোৱা হৈছিল৷ ডাঃ চাহেৱালাই নিউৰ’ চাজন ডাঃ পান্নালালৰ সৈতে কথা পাতি অস্ত্ৰোপচাৰ সম্পৰ্কত সাংবাদিকক জনায় যে অপাৰেশ্যন সুন্দৰ আৰু সফলভাৱে সম্পন্ন হ’ল৷
ৰাজহাড় ডাল ভাঙি যোৱা অংশই যি ঠাইত স্নায়ুত হেঁচা দি আছিল সেই হাড়ৰ টুকুৰাসমূহ উলিয়াই পেলোৱা হৈছে৷ লগতে ৰাজহাড়ৰ ভগা অংশত টিটেনিয়াম ধাতুৰ স্ক্ৰু সংযোজন কৰা হৈছে৷ অহা দুদিন আনন্দ শৰ্মাক আই চি ইউত ৰখা হ’ব৷ কাইলৈ এক্সৰে কৰি পৰহিলৈ তেওঁক বিছনাত বহুৱাৰ চেষ্টা কৰা হ’ব৷ ৬ দিনৰ পাছত লাহে লাহে খোজ কাঢ়িবলৈ দিয়া হ’ব বুলি ডাঃ চাহেৱালাই জনায়৷
উল্লেখযোগ্য যে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰক লৈ আজি পুৱাৰে পৰা আদিত্য নাৰ্ছিংহোমত পৰিয়াল তথা শুভাকাংক্ষীয়ে ভিৰ কৰে৷ আজি পুৱাই অস্ত্ৰোপচাৰৰ পূৰ্বে আনন্দৰ মাতৃ আৰু ভগ্নীয়ে মন্দিৰত গৈ আশু আৰোগ্যৰ কামনাৰে পূজা-অৰ্চনা কৰে৷ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্ততো দুৰ্ভগীয়া ছাত্ৰজনৰ আশু আৰোগ্য কামনাৰে বিভিন্নজনে পূজা-পাতল কৰা বুলি জানিব পৰা গৈছে৷
যোৱা ৪ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসৰ পৰা জ্যেষ্ঠ আৰু প্ৰাক্তন ছাত্ৰৰ জঘন্য ৰেগিঙৰ বলি হৈ অৱশেষত নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত আনন্দই ছাত্ৰাৱাসৰ তিনি মহলাৰ পৰা জঁপিয়াই দিছিল৷ যাৰ ফলত তেওঁ ৰাজহাড়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি সোঁহাতখন ভাগি যায়৷
Comments