নতুন দিল্লী, ১ ডিচেম্বৰ ঃ আজি ভাৰতে এবছৰৰ বাবে গ্ৰnপ অব্ ২০ [জি ২০]ৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জলবায়ুৰ পৰিৱৰ্তন, সন্ত্ৰাসবাদ আৰু মহামাৰী এই তিনিটা– বৃহত্তম প্ৰত্যাহ্বান নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বই সহযোগ কৰিবই লাগিব৷
মোদীয়ে সামগ্ৰিকভাৱে মানৱজাতিৰ কল্যাণৰ বাবে মৌলিক দৃষ্টিভংগী বা চিন্তাধাৰা সলনি কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে এবছৰৰ বাবে জি২০ত ভাৰতৰ সভাপতিত্ব হ’ব ‘সাৰ্বিক, অভিলাষী, নিৰ্ণায়ক আৰু কৰ্মমুখী৷’ তেওঁ কয়, ‘ভাৰতৰ জি২০১ সভাপতিত্বই একতাৰ সাৰ্বজনীন ভাবনাৰ উত্তৰণৰ হকে কাম কৰিব৷
সেয়ে আমাৰ মূল বিষয়বস্তু হ’ব এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যৎ৷ এইটো কেৱল এটা শ্ল’গান নহয়৷ ইয়াত মানৱীয় পৰিস্থিতিৰ শেহতীয়া সালসলনিৰ কথাও জড়িত হৈ আছে, যিবোৰ আমি সামূহিকভাৱে হৃদয়ংগম কৰাত ব্যৰ্থ হৈছিলোঁ
তেওঁ লগতে কয় যে ব্যাপক ধবংস সাধন কৰিব পৰা অস্ত্ৰ-শস্ত্ৰৰ বিপদ হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বৃদ্ধি কৰাৰ বিষয়ে ভাৰতে এক আন্তৰিক আলোচনাত উৎসাহ যোগাব৷
মোদীয়ে কয় যে সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা আৰু অৰ্থনৈতিক মন্থৰতা আৰু জলবায়ুৰ পৰিৱৰ্তনৰ সংকটৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানবোৰ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দি আজি ভাৰতে জি২০১ সভাপতিৰ কাৰ্যকাল আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে যোৱা মাহত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি২০ শীৰ্ষ সন্মিলনত ভাৰতে ইণ্ডোনেছিয়াৰ পৰা জি২০১ সভাপতিৰ পদ গ্ৰহণ কৰিছিল৷
জি২০ বিশ্বৰ প্ৰধান উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ দেশসমূহৰ এটা আন্তঃচৰকাৰী সংগঠন৷ জি২০১ সদস্য ৰাষ্ট্ৰসমূহ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানি, ভাৰত, ইণ্ডোনেছিয়া, ইটালি, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, ছৌডি আৰব,
দক্ষিণ আফ্ৰিকা, তুৰস্ক, ইউ কে, আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়ন৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি আমি সন্মুখীন হোৱা বৃহত্তম প্ৰত্যাহ্বানবোৰ হ’ল জলবায়ুৰ পৰিৱৰ্তন, সন্ত্ৰাসবাদ আৰু মহামাৰী৷ এইবোৰ পৰস্পৰৰ সৈতে যুদ্ধ কৰি সমাধান কৰিব নোৱাৰি, বৰং একেলগে কাম কৰিহে সমাধান কৰিব পাৰি৷’
মোদীয়ে কয় যে ভাৰতে খাদ্য, ৰাসায়নিক সাৰ আৰু চিকিৎসাৰ সামগ্ৰীৰ [মেডিকেল প্ৰডাক্টছ] আন্তঃৰাষ্ট্ৰীয় যোগান ৰাজনীতিমুক্ত কৰিবলৈ চেষ্টা চলাব যাতে ভূৰাজনৈতিক উত্তেজনাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় যোগান ব্যৱস্থাত বিঘিনি নঘটে৷ তেওঁ কয়, ‘আমাৰ নিজৰ পৰিয়ালবোৰৰ দৰে, যিসকলৰ অভাৱ বা প্ৰয়োজন আটাইতকৈ বেছি সেইসকলৰ প্ৰতি আমাৰ উদ্বেগ সদায় প্ৰথমত থাকিব লাগে৷’
উল্লেখযোগ্য যে অহা এবছৰত ভাৰতে সমগ্ৰ দেশত ২০০খন বৈঠক অনুষ্ঠিত কৰিব৷ ২০২৩ চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত জি২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব৷ ভাৰতে জি২০১ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা উপলক্ষে আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহকে ধৰি দেশৰ ১০০টা স্মৃতিচিহ্ন জি২০১ প্ৰতীক চিহ্ন উদ্ভাসিত কৰি পোহৰাই তোলা হয় আৰু এসপ্তাহৰ বাবে অব্যাহত থাকিব৷
Comments