নতুন দিল্লী, গুৱাহাটী, ১ ডিচেম্বৰ ঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দৃঢ়তাৰে কয় যে ‘লাভ জেহাদ’ এটা ‘বাস্তৱতা’ আৰু দিল্লীত শ্ৰদ্ধা ৱাকাৰৰ নৃশংস হত্যাকাণ্ডই সেইটো প্ৰমাণ কৰিলে৷ এন ডি টিভিক দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত আজি শৰ্মাই কয় ‘ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা ‘লাভ জেহাদ’ এটা বাস্তৱতা৷’
এন ডি টিভিক তেওঁ কয়, ‘[ৱাকাৰৰ গোচৰটোত] লাভ জেহাদৰ প্ৰমাণ আছে... আফতাবৰ পলিগ্ৰাফ টেষ্টতো কোৱা হৈছে যে তেওঁ প্ৰকাশ কৰা মতে তেওঁৰ কাৰ্যৰ কাৰণে তেওঁ স্বৰ্গত স্থান পাব৷ এই বিষয়ে বাতৰিও প্ৰকাশ হৈছে৷’
শৰ্মাই কয় যে হিন্দুসকল সাধাৰণতে হিংসাত্মক ঘটনাত লিপ্ত নহয়৷ দেশখনত অধিকাংশ সাম্প্ৰদায়িক হিংসাত্মক ঘটনাৰ বাবে যিসকলক বিজেপিয়ে দোষাৰোপ কৰে সেইসকলৰ বিষয়ে শৰ্মাৰ এই মন্তব্য বিজেপিৰ দৃষ্টিভংগীৰ অন্যতম স্পষ্ট প্ৰকাশ৷ উল্লেখযোগ্য যে শৰ্মাই দুদিনৰ আগতেও লাভ জেহাদৰ বিষয়ে একেধৰণৰ মন্তব্য দিছিল৷
টাইম্ছ নাও ছামিটত শৰ্মাই কৈছিল যে [ৱাকাৰৰ] হত্যাকাণ্ডটোত ‘লাভ জেহাদৰ এটা বৈশিষ্ট্য বা তত্ত্ব [এলিমেণ্ট] আছে৷’ শ্ৰদ্ধা ৱাকাৰক তেওঁৰ প্ৰেমিক আফতাব পুনাৱালাই হত্যা কৰা আৰু তেওঁৰ দেহটো টুকুৰা টুকুৰকৈ কাটি পেলাই দিয়াৰ নৃশংস ঘটনাই দেশখনক স্তম্ভিত কৰিছিল৷
সাক্ষাৎকাৰটোত শৰ্মাই কয় যে কংগ্ৰেছত থাকি তেওঁ তেওঁৰ জীৱনৰ ২২ বছৰ নষ্ট কৰিলে৷ ‘কংগ্ৰেছত আমি এটা পৰিয়ালক পূজা কৰিছিলোঁ৷ বিজেপিত আমি দেশখনক পূজা কৰোঁ,’ তেওঁ কয়৷
দেশখনত সকলো সম্প্ৰদায়ৰ মাজত শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ নিচিনা অপৰাধ সংঘটিত হোৱাৰ উদাহৰণ আছে, তেনে ক্ষেত্ৰত তেওঁ কেনেকৈ লাভ জেহাদৰ এই সিদ্ধান্তত উপনীত হ’ল বুলি প্ৰশ্ন কৰাত শৰ্মাই কয়, ‘লাভ জেহাদ কি সেইটো আমি আইনগতভাৱে নিৰ্দিষ্ট কৰাৰ সময় আহিছে’ আৰু দাবী কৰে যে ‘আমাৰ ৰাজ্যখনত বহু প্ৰমাণ আছে৷’
সাম্প্ৰদায়িক হিংসাত্মক ঘটনাবোৰৰ বাবে তেওঁ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক দায়ী কৰিবলৈ বিচাৰে আৰু কয়, ‘হিন্দুসকল সাধাৰণতে হিংসাত্মক ঘটনাত লিপ্ত নহয়৷’ ২০২২ চনৰ গুজৰাটৰ হিংসাত্মক ঘটনা আৰু বিভিন্ন সম্প্ৰদায়ৰ লোক জড়িত থকাৰ নিৰ্দিষ্ট ঘটনা সন্দৰ্ভত তেওঁ কয়, ‘মই কওঁ যে সাধাৰণতে হিন্দুসকল হিংসাত্মক ঘটনাত লিপ্ত নহয়৷ হিন্দুসকল শান্তিপ্ৰিয় সম্প্ৰদায়৷’
Comments