Cartoon
View Older
গুৱাহাটী,২ ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰেগিং কাণ্ডই জোকাৰিছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় ৷ সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ভুক্তভোগী ছাত্ৰই ৰেগিং সন্দৰ্ভত বৰ্ণনা কৰাৰ পিছতেই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্ত ৷
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ৷ ছাত্ৰাবাসটোৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে নৱাগত ছাত্ৰই অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰে জড়িত ১২ জন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷
Comments