Cartoon
View Older
নলবাৰী,২ ডিচেম্বৰঃ নলবাৰীৰ আই এম এ ভৱনত আজি এগৰাকী চিকিৎসকৰ গ্ৰন্থ উন্মোচন হয়।চিকিৎসক ডাঃ ৰাতুল ভট্টাচাৰ্যৰ তৃতীয়খন গল্প পুথি " অগস্ত্য উভতি আহিব বিন্ধ্য পৰ্বত উঠিব' গ্ৰন্থখন উন্মোচন কৰি সাহিত্য ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য্যই কয়, ‘লিখক তথা চিকিৎসক গৰাকীৰ গল্প সংকলনখনে সাহিত্যত নতুনত্বৰ সৃষ্টি কৰিছে।তেওঁ ভাষাৰ মহত্ব গুণ আৰোহণ কৰিবলৈ সক্ষম হৈছে।’ ডাঃ ভূপেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত চিকিৎসক ডাঃ ৰাতুল ভট্টাচাৰ্য,কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অজিত ভৰালীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।
Comments