গুৱাহাটী, ২ ডিচেম্বৰ:ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ অসম চৰকাৰে ২৫৭০ জন প্ৰশিক্ষাৰ্থী নিযুক্তি দি পাঁচটা নতুন কমাণ্ডো বেটেলিয়ন গঢ়ি তুলিছে।ভাৰতীয় সেনাই ৭টা ভিন্ন স্থানত অসম আৰক্ষীৰ কমাণ্ডোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । শুকুৰবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু গজৰাজ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল দীনেশ সিং ৰাণাই গুৱাহাটীৰ নাৰেঙ্গী চাৱনীত নৱনিযুক্ত অসম আৰক্ষীৰ প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰি অসম আৰক্ষীৰ কমাণ্ডো প্ৰশিক্ষণ আৰম্ভ কৰাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰাৰ সময়ত লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণাই তেওঁলোকক প্ৰেৰণা যোগায় আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ভৱিষ্যতৰ আইন-শৃংখলাৰ ৰক্ষকসকলক সহায় কৰিবলৈ ভাৰতীয় সেনাই প্ৰদান কৰা মানসম্পন্ন প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
Comments