সোণাৰি , ২ ডিচেম্বৰ : বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ স্মৃতি বিজড়িত অসম দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউৰ চুকাফাৰ মৈদাম প্ৰাংগণত উদযাপিত হয়। পুৱা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ ইতিহাসবিদ ড° যোগেন ফুকন, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ, সমাজকৰ্মী গৌতম হাতীমূৰীয়া, মাণিক গগৈ প্ৰমুখ্যে যথেষ্ট সংখ্যক ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া আৰু সদস্য মৈদামথলীত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি আহোম মলুং সকলৰ মন্ত্ৰোচ্চাৰণৰ যোগেদি স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
অনুষ্ঠানস্থলীত স্থানীয় সাংবাদিক সকলৰে হোৱা কথোপকথনত ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰত থকা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে পূৰ্বৰ চৰকাৰ সমূহে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আক্ষেপ প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈদামটো বেদখল মুক্ত কৰি এক বিশ্ব মানদণ্ডৰ পৰ্যটনথলী হিচাপে গঢ়ি তুলিবৰ কাৰণে এক কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল যদিও নাজিৰা ৰাজহচক্ৰৰ বিষয়া কৰ্মচাৰী সকলৰ হেমাহিৰ বাবে অনুদানৰ ধনৰাশি উভতি যায় বুলি বিধায়ক গৰাকীয়ে অবগত কৰে।
বৰ্তমান ৰাজ্য চৰকাৰে চুকাফাৰ মৈদামটোকে আদি কৰি সমগ্ৰ চৰাইদেউ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰু সকলোৰে সহযোগত সেয়া বাস্তবায়িত হব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানস্থলীত উপস্থিত থকা অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে চুকাফাৰ মৈদাম দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকাৰ পাছত ২০১৬ চনত বিভিন্ন দল সংগঠনৰ প্ৰচেষ্টাত উদ্ধাৰ হৈছিল যদিও আজি পৰ্যন্ত ইয়াক চৰকাৰী ভাৱে বেদখল মুক্ত কৰি সংৰক্ষণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
ইফালে চৰাইদেউ মৈদাম প্ৰাংগণত আটাছুৰ চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আজি অসম দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভনিতে ইতিহাসবিদ ড°যোগেন্দ্ৰ নাথ ফুকন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে মৈদাম প্ৰাংগণত অৱস্থিত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছতে মৈদাম প্ৰাংগণত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াত ইতিহাসবিদ ড°যোগেন্দ্ৰ নাথ ফুকন,আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি কেবাগৰাকী বক্তাই ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ অসম আগমনৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰি বৰ অসমৰ ভেটি গঢ়াৰ পদক্ষেপক স্মৰণ কৰি বক্তৃব্য আগবঢ়াই।
Comments