গুৱাহাটী,২ ডিচেম্বৰ:আকৌ হিন্দু-মুছলমানৰ ৰাজনীতিয়ে তোলপাৰ লগাইছে ৰাজ্য।এইআইইডিএফৰ অধ্যক্ষ বদৰুদ্দিন আজমলে হিন্দুক লৈ কৰা মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ।এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপকালত হিন্দু যুৱকক লৈ অপমানজনক মন্তব্য বদৰুদ্দিন আজমলৰ।আজমলৰ দাবী ৪০ বছৰ বয়সলৈকে ২-৩ গৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে হিন্দু যুৱকে।তাৰ পিছতহে বাধ্যত পৰি বিয়াত বহে যুৱকে।
আজমলৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে হিন্দু সমাজ।উল্লেখ্য যে, বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত হিন্দু-মুছলমানৰ তুলনা কৰি কয় যে মুছলমান যুৱকে ২২ বছৰ বয়সতে বিয়া পাতি গাৰ্হ্যস্থ জীৱন আৰম্ভ কৰে।মুছলমান যুৱতীয়েও চৰকাৰে বান্ধি দিয়া ১৮ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়।কিন্তু হিন্দু যুৱকে ৪০ বছৰ বয়সলৈকে ২-৩ গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে। সেই সময়ত সন্তান জন্ম হ’বও নিদিয়ে।পিছত পৰিয়ালৰ হেঁচা বা ফান্দত ফঁচি ৪০ বছৰ বয়সত বিয়া পাতে হিন্দু যুৱকে।
Comments