Cartoon
View Older
জগদুৱাৰ, ২ ডিচেম্বৰঃ মিছন বসুন্ধৰা ২ সজাগতাৰ অৰ্থে আজি সমগ্ৰ অসমতে পঞ্চায়তসমূহত গাঁও সভা অনুষ্ঠিত কৰা হৈছে।টীয়ক সমষ্টিৰ অন্তৰ্গত ১৯খন পঞ্চায়তৰ কাৰ্যালয়ত আজি গাঁও সভা অনুষ্ঠিত কৰিছে জিলা প্ৰশাসনে। একে উদ্দেশ্যেৰে মধ্য টীয়ক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হয় ।
উক্ত গাঁও সভাত টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৌভিক ভূঞা,পঞ্চায়তৰ সভাপতি কৰুণানিধিৰ বৰা, পঞ্চায়তৰ অন্তৰ্গত গাঁও বুঢ়াসকল,চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়।লগতে যিসকল খিলঞ্জীয়াই সাধাৰণ শ্ৰেণীৰ ভূমিত বসবাস কৰি আছে,চাহ খেতি কৰি আছে সেইসকল খিলঞ্জীয়াৰ দখলি ভূমি এই আঁচনিৰ অধীনত ম্যাদীকৰণৰ ব্যৱস্থা কৰা হ'ব আৰু সেয়ে এই আঁচনিত প্ৰকৃত হিতাধিকাৰীসকলক আবেদন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
Comments