Cartoon
View Older
গুৱাহাটী,২ ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত তিনি ঘন্টাজোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ ।
ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা । আজি ভালদৰে চিকিৎসকৰ সৈতে কথাও পাতিছে, গ্ৰহণ কৰিছে চাহ-বিস্কুট । ভাল টোপনি যোৱাৰ লগতে অৱশ হৈ পৰা ভৰি আজি লৰাবলৈ সক্ষম হৈছে আনন্দ শৰ্মাই।
Comments