নতুন দিল্লী, ২ ডিচেম্বৰ ঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় [জে এন ইউ]ৰ বহু দেৱাল আৰু ফেকাি ৰূম কালি ব্ৰাহ্মণ আৰু বণিয়া সম্প্ৰদায় বিৰোধী শ্ল’গানেৰে ভৰি পৰিল৷ ইয়াৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছত বিতৰ্কৰ সৃষ্টি হয়৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই এটা বিবৃতিত এই ঘটনাক গৰিহণা দিয়ে আৰু কয় যে ঘটনাটোৰ সন্দৰ্ভত এটা তদন্তৰ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে৷
উপাচাৰ্য শান্তিশ্ৰী ডি পণ্ডিতৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছে, স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ ডীন আৰু অভিযোগ সমিতিক ঘটনাটো তদন্ত কৰিবলৈ আৰু যিমান পাৰি সোনকালে উপাচাৰ্যৰ হাতত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে৷’
সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোত দেখা গৈছে দেৱাল আৰু ফেকাি কোঠাত ‘শাখালৈ উভতি যোৱা [গ’ বেক টু শাখা]’, ‘ব্ৰাহ্মণসকল ভাৰত ত্যাগ কৰা’ [ব্ৰাহ্মণ ভাৰত ছোড়ো], ‘ব্ৰাহ্মণ-বণিয়া আমি তোমালোকৰ বাবে আহিছোঁ, আমি প্ৰতিশোধ ল’ম [ব্ৰাহ্মিণ-বণিয়া উই আৰ কামিং ফৰ ইউ, উই উইল এভেঞ্জ] আৰু ‘ৰক্তাক্ত হ’ব [ডেয়াৰ উইল বি ব্লাড]’ আদি শ্ল’গান লিখা হৈছে৷
এনে শ্ল’গান লিখাসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ বহু ছাত্ৰ-শিক্ষকে দাবী জনাইছে৷ আৰ এছ এছৰ ছাত্ৰ সংগঠন এ বি ভি পিয়ে এই ঘটনাক গৰিহণা দি ইয়াৰ আঁৰত বাওঁপন্থী থকাৰ অভিযোগ কৰিছে৷ ইফালে উচ্ছতম ন্যায়ালয়ৰ অধিবক্তা বিনীত জিন্দালে এই ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছে৷
Comments