লখিমপুৰ ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ডিচেম্বৰ ঃ ইতিহাস হ’ব সোৱণশিৰিৰ বুকুৱেদি ঐতিহাসিক ঘুনাসঁুতিলৈ নৌকা যাত্ৰাৰ৷ ঘুনাসঁুতিক কেন্দ্ৰ কৰি নাথাকিব তাহানিৰ সেই মাদকতা, নাথাকিব যাত্ৰাপথৰ ভয়-শংকা৷ কিয়নো বহু প্ৰতীক্ষাৰ অন্তত সোৱণশিৰিৰ বুকুৱেদি ঘুনাসঁুতিলৈ নিৰ্মাণ হ’ব পকী দলং৷
ঐতিহাসিক ঘুনাসঁুতিক সংযোগ কৰি সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব ৫৫৩ কোটি টকা ব্যয় সাপেক্ষ পকী দলং আৰু এই দলঙৰে আধাৰশিলা স্থাপন কৰা হ’ব অহা ১৮ ডিচেম্বৰত৷ ঘুনাসঁুতিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বহু চৰ্চিত এই দলঙৰ আধাৰশিলা স্থাপন কৰিব৷ উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত নতুন প্ৰভাত হ’ব ঘুনাসঁুতিত৷
১৮ ডিচেম্বৰত ভূমি পূজনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলঙৰ আধাৰশিলা স্থাপন কৰিবলগীয়া অনুষ্ঠানক লৈ এতিয়া ব্যস্ততা ঘুনাসঁুতিৰ বুকুত৷ সেই উদ্দেশ্যেই আজি ঘুনাসুঁতিত প্ৰস্তুতিৰ বুজ ল’বলৈ বিধায়ক মানৱ ডেকা, নৱ দলেসহ উপস্থিত হয় মন্ত্ৰী অতুল বৰা৷ আধাৰশিলা স্থাপন অনুষ্ঠানত কেইবাহাজাৰ ৰাইজক উপস্থিত কৰোৱাৰ পৰিকল্পনা কৰি চলাইছে ব্যাপক প্ৰস্তুতি মন্ত্ৰী-বিধায়কে৷
ইফালে, দলংখনক লৈ এতিয়া যথেষ্ট উৎফুল্ল ঘুনাসঁুতিবাসী৷ কিয়নো দলং হ’লেই অন্ত পৰিব ঘুনাসুঁতিবাসীয়ে দীৰ্ঘদিন ভুগি অহা জ্বালা-যন্ত্ৰণা-দুৰ্দশাৰ৷ প্ৰণিধানযোগ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱিত কাৰ্যসূচী তথা নিৰ্ধাৰিত প্ৰকল্প আৰু আঁচনিসমূহৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন সভাৰ প্ৰস্তুতি সম্পৰ্কে জিলা প্ৰশাসনৰ উদ্যোগত এখন আলোচনা সভা আজি লখিমপুৰ জিলাৰ ঘুনাসুঁতি, আঞ্চলিক ৰংগমঞ্চ, বাঘমৰাত অনুষ্ঠিত হয়৷
উক্ত সভাত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, জিলা উপায়ুক্ত সুমিত সত্বাৱন, জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ বিষয়ববীয়া, মিচিং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য, জিলা পৰিষদ আৰু পঞ্চায়তৰ সদস্যসকল, বিজেপি, অসম গণ পৰিষদ আৰু গণশক্তি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা,
মিচিং জনগোষ্ঠীৰ ছয় জাতীয় সংগঠনৰ সভাপতি, সম্পাদক, সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷ উক্ত কাৰ্যসূচীসমূহ যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আৰু স্থানীয় ৰাইজক সকলো কাৰ্যসূচীত উপস্থিত থাকিবলৈ লখিমপুৰ জিলা প্ৰশাসনে আন্তৰিকতাৰে আহ্বান জনাইছে৷
Comments