ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ডিচেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং-কাণ্ডত গুৰুতৰভাৱে আহত আনন্দ শৰ্মাৰ স্বাস্থ্য ক্ৰমে উন্নত হৈছে৷ কালি তেওঁৰ ৰাজহাড়ৰ এটা জটিল অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ পাছত আই চি ইউত চিকিৎসাধীন আনন্দে আজিৰ পৰা লঘু আহাৰ গ্ৰহণ কৰিছে৷
আজি তেওঁৰ শৰীৰৰ এখন এক্সৰে কৰা হয়৷ তেওঁ নিজেও সকাহ পোৱা বুলি কয়৷ আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনন্দক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷ উপায়ুক্তগৰাকীয়ে জনাই যে জিলা প্ৰশাসনৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে৷ একাংশ অভিযুক্তৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে৷
তদন্তৰ বাবে ভুক্তভোগী আনন্দৰ সাক্ষ্য প্ৰদান জৰুৰী৷ তেওঁৰ স্বাস্থ্য কিছু উন্নত হ’লে ভাষ্য গ্ৰহণ কৰা হ’ব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটীৰ সাক্ষ্য প্ৰদানৰ আজি তৃতীয় দিনা মাত্ৰ এজন ছাত্ৰইহে সাক্ষ্য দিয়ে৷ বিগত তিনিদিনত এণ্টি ৰেগিং কমিটীয়ে আমন্ত্ৰণ জনোৱা ১৭জনৰ ১২জনেহে সাক্ষ্য দিয়ে৷
আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে জনাই যে এণ্টি ৰেগিং কমিটীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী প্তজন ছাত্ৰৰ সাক্ষ্য গ্ৰহণৰ বাবে আদালতত আৱেদন কৰিছে৷ আদালতে অনুমতি দিলে কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক [প্ৰশাসনিক] ড॰ ৰূপম শইকীয়া আৰু আইন বিষয়া দেৱৰাজ শৰ্মাই কাৰাবন্দী প্তজন ছাত্ৰৰ সাক্ষ্য কাৰাগাৰত গ্ৰহণ কৰিব৷
ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা ছাত্ৰ প্তজন হৈছে ক্ৰমে qwজিৎ বৰুৱা, দিব্যজ্যোতি গগৈ, সীমান্ত হাজৰিকা, গালব ডেকা আৰু নিৰঞ্জন ঠাকুৰ৷ ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তদন্তৰ বাবে গঠন কৰি দিয়া উচ্ছ ক্ষমতা সম্পন্ন কমিটীখনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ প্ৰাক্তন সদস্য কাৰ্তিক চন্দ্ৰ দত্ত নেতৃত্বাধীন কমিটীখনে কালি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল আৰু ছাত্ৰাৱাসসমূহৰ মুখ্য অধীক্ষক ড॰ কল্যাণ ভূঞাৰ ভাষ্য গ্ৰহণ কৰিছিল৷ কমিটীখনে আজি পুৱা কতৃৰ্পক্ষই ইতিমধ্যে অব্যাহতি দিয়া ছাত্ৰাৱাসৰ সহযোগী মুখ্য অধীক্ষক ড॰ ডেভিদ কাৰ্দং, অব্যাহতি দিয়া অধীক্ষকত্ৰয় ক্ৰমে ড॰ দিব্যজ্যোতি দত্ত, আবু¸ মুস্তাক হুছেইন আৰু ড॰ পলাশ দত্তৰ সাক্ষ্য গ্ৰহণ কৰে৷
লগতে কমিটীখনে চ্ছ নৱেম্বৰত পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসত সংঘটিত ঘটনাৰ নিশা উপস্থিত থকা ছাত্ৰাৱাসৰ ৰান্ধনী, মালীকে প্ৰমুখ্য কৰি অন্যান্য কৰ্মচাৰীসকলৰ সাক্ষ্য লয়৷ আনহাতে, আজি বিয়লি কমিটীখনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাৰো সাক্ষ্য গ্ৰহণ কৰে৷ কাইলৈ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত কমিটীখনে প্ৰতিবেদন দাখিল কৰিব৷
Comments