আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীৰ পৰা উৎপল বৰা আৰু গোবিন্দ দাস, ২ ডিচেম্বৰ ঃ ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা নামঘৰ সংস্কৃতিক সম্প্ৰসাৰিত কৰিবলৈ দামোদৰদেৱ, হৰিদেৱ, মাধৱদেৱ, গোপালদেৱ আদি সন্তসকলে যি অৰিহণা যোগালে প্ৰকৃতাৰ্থত সেইসকলৰ ছত্ৰছায়াত থাকি অসমীয়া সমাজ পৰিচালিত হৈ আহিছে৷ এই নামঘৰে আমাক দিয়ে মানৱ জীৱনৰ অমূল্য বাৰ্তা৷
যি আমাক নৈতিক শিক্ষা লাগে, যি আমাক সাংস্কৃতিক শিক্ষা লাগে, যি আমাক মূল্যবোধৰ শিক্ষা লাগে এই শিক্ষা আমাক নামঘৰে দিয়ে৷’ আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীত আজিৰ পৰা অনুষ্ঠিত নামঘৰ সমাৰোহৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী ২০০০গৰাকী নাম লগোৱা নামতিৰ দ্বাৰা ভোৰতাল বাদনেৰে অনুষ্ঠিত সমূহীয়া নাম পৰিৱেশনৰ প্ৰাক্মুহূৰ্তত দিয়া ভাষণত আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়৷
সত্ৰাধিকাৰগৰাকীয়ে আৰু কয় যে আজি আমি বিশ্বায়নৰ উচ্ছ শিখৰত উপনীত হৈছোঁ যদিও কিছু ক্ষেত্ৰত আমাৰ সমাজত নৈতিকতাৰ …লন ঘটিছে, ক’ৰবাত ক’ৰবাত আধ্যাত্মিকতাৰ …লন ঘটিছে, মূল্যবোধৰো …লন ঘটিছে৷
যি নামঘৰে আমাক এই নৈতিক, আধ্যাত্মিক, মূল্যবোধ তথা সাংস্কৃতিক শিক্ষা দিয়ে সেই অসমীয়া জাতিৰ প্ৰাণস্বৰূপ এই নামঘৰৰ বৈশিষ্ট্য আৰু ইয়াৰ প্ৰয়োজনীয়তা আজিৰ সমাজত বিশেষকৈ নৱপ্ৰজন্মৰ সন্মুখত পুনৰ তুলি ধৰাৰ উদ্দেশ্যে উত্তৰ গুৱাহাটীৰ ৰাইজৰ পূৰ্ণ সহযোগত নামঘৰ সমাৰোহৰ আয়োজন কৰা হৈছে৷
অসমৰ নামঘৰসমূহক একত্ৰিত কৰি গুৰুজনাৰ আদৰ্শক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে আয়োজিত নামঘৰ সমাৰোহৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা নামঘৰ সমাৰোহৰ প্ৰধান সম্পাদক পাৰ্থপ্ৰতিম বৰকাকতীয়ে আঁত ধৰা ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত ধৰ্মধ্বজা উত্তোলন কৰে নামঘৰ সমাৰোহৰ উদ্যাপন সমিতিৰ সভাপতি তথা আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে৷
উত্তোলন কৰি সত্ৰাধিকাৰগৰাকীয়ে কয়, ‘নামঘৰ একত্ৰিত কৰা ঠাই৷ নামঘৰৰ যোগেদি আমি জীৱন যেনেকৈ পৰিশেলিত কৰিব পাৰোঁ, আমাৰ বৌদ্ধিক জীৱনৰ গতি আৰম্ভ কৰোঁ, সেই এই নামঘৰৰ তত্ত্ব আজিৰ সমাজ জীৱনত প্ৰতিফলিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশ আহি পৰিছে৷ বিশ্বায়নৰ যুগত আমি যি বিচাৰোঁ তাকেই কৰিব পাৰিছোঁ, কিন্তু আমি যদি খেপিয়াই চাওঁ এখন অন্তৰৰ পৰা আনখন অন্তৰৰ ব্যৱধান বহু বাঢ়ি গৈছে৷’
ইয়াৰ পাছতে পুৱা ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু আৰ্হি নামঘৰৰ দ্বাৰ উন্মোচন কৰা হয়৷ পুৱা ১১ বজাত আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামী, ডেকা অধিকাৰ দেৱানন্দ দেৱ গোস্বামী, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰমুখ্যে জনগোষ্ঠীৰ বহুকেইগৰাকী সত্ৰাধিকাৰ, দলৈ, ঋষিসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত ২০০০গৰাকী নাম লগোৱা নামতিৰ দ্বাৰা ভোৰতাল বাদনেৰে সমূহীয়া নাম পৰিৱেশনেৰে হৰি নামৰ ধ্বনিত মুখৰ হৈ পৰে উত্তৰ গুৱাহাটী অঞ্চল৷
দবা, কাঁহ, শংখ, আয়তীৰ উৰুলি ধ্বনি বাজি উঠাৰ লগে লগে সুবিশাল নামঘৰত সমৱেত হৈ জাতি-জনগোষ্ঠীক একক কৰি নাম প্ৰসংগৰ বৰ কাঁহৰ ধ্বনি বাজি উঠে৷ কুমুদ দাস আৰু প্ৰকাশ বৰপূজাৰীয়ে আঁত ধৰা সমূহীয়া ভোৰতাল বাদনৰ অনুষ্ঠানৰ পাছতে ক্ৰমে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত, উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱ গোস্বামী,
হৰিদ্বাৰৰ সন্ত ইশ্বৰ দাস জী মহাৰাজ, গোৱালিয়ৰৰ সন্ত কেশৱ দাস জী মহাৰাজ, বাক্সাৰ উত্তৰ বেটনা সত্ৰৰ অধিকাৰ ৰিজু পাঠক, দক্ষিণপাট চটাইৰ ডেকা সত্ৰীয়া জয়নাথ দেৱ গোস্বামী, নাৰায়ণপুৰ বেলসিদ্ধিয়া সত্ৰৰ মুনীন্দ্ৰ নাথ গোস্বামী, আমেৰিকাৰ ৱাশ্বিংটন ডিচিৰ সত্যেন দাসক নামঘৰ সমাৰোহৰ আয়োজক সমিতিয়ে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়৷
দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত নামঘৰ সমাৰোহৰ কাৰ্যকৰী সভাপতি হেমন্ত চৌধুৰীয়ে আদৰণী ভাষণ দিয়াৰ লগতে সভাখনত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিতি থাকি ভাষণ দিয়ে৷ ইয়াৰ পাছতে নাগাৰা নাম, বৃন্দাৱনী নাম, বৰসবাহৰ নাম, বৰ দিহানাম, মহিলাৰ ৰঙিয়ালী নাম, কৃষ্ণ লীলাৰ নাম, বীৰনামৰ যুগলবন্দী আদি শিল্পীবৃন্দই নাম পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷
সন্ধিয়া আয়তীসকলৰ শংখ-উৰুলিৰ ধ্বনিৰে ৰাস সন্ধিয়া উদ্বোধন কৰা হয়৷ অনুষ্ঠানত আউনীআটী সত্ৰৰ মহাৰাস, শিৱসাগৰৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু মণিপুৰৰ মণিপুৰীৰ ৰাস অনুষ্ঠিত হয়৷ কাইলৈ দ্বিতীয় দিনা সমূহীয়াকৈ আই নামত একেলগে ২০০০ যোৰা নাগাৰা বজাই নামৰ আৰম্ভণি হ’ব৷ শেষৰ দিনা শিশুসকলৰ আধ্যাত্মিক নামৰ আয়োজন কৰা হৈছে, য’ত একেলগে ২০০০ খোল বাদন হ’ব৷ সমাৰোহৰ প্ৰতিদিনাই সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
Comments