গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ডিচেম্বৰ ঃ মহান স্বৰ্গদেউ চাওলুং চ্যুকাফাই বৰ অসমৰ ভেটি গঢ়ি যোৱাৰ বাবেই আজি বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিবলৈ সক্ষম হৈছে৷– এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
অসম দিৱস উপলক্ষে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপিকা শান্তিশ্ৰী ধূলিপুড়ি পণ্ডিত, বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনয় কুমাৰ ৰাও, প্ৰথিতযশা ইতিহাসবিদ হিন্দোল সেনগুপ্তকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
মহান আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলিছিল৷ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে অসম দিৱস উদ্যাপন কৰি অহা হৈছে৷
বৰঅসমৰ ভেটি গঢ়ি মহান স্বৰ্গদেউ চাওলুং চ্যুকাফাই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সবল ৰূপ প্ৰদানেৰে এক মহৎ কাৰ্য সিদ্ধি কৰিছিল৷ ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউজনাই সাতৰাজ সামৰি একৰাজ কৰি শান্তি-সম্প্ৰীতিপূৰ্ণ আৰু ঐক্যবদ্ধ সমাজ গঢ়াৰ নিদৰ্শন দেখুৱাই থৈ গৈছে৷
স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰকৃতাৰ্থতে সমন্বয়, সুশাসন, সাহস আৰু সৌম্যৰ প্ৰতীকেই নহয় বৃহত্তৰ অসমীয়া জাতিৰ গৌৰৱ আৰু স্বাভিমানৰো প্ৰতীক৷ স্বৰ্গদেউজনে বৰঅসমৰ ভেটি সুদৃঢ় কৰাৰ বাবেই আমি বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিব পাৰিছোঁ৷
তেতিয়াৰ সমাজখনক কৰ্মমুখী কৰি তোলাৰ সমান্তৰালভাৱে স্বৰ্গদেৱে জাতিৰ সুৰক্ষাৰ বাবে হিলৈ, বৰতোপ, হেংদাং, তৰোৱাল আদিকে ধৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰ থলুৱাভাৱে তৈয়াৰ কৰাৰ বাতাৱৰণ গঢ় দিছিল৷ অৰ্থাৎ তাহানিতে এখন আত্মনিৰ্ভৰ আৰু কৰ্মমুখী সমাজ তথা অসম গঢ়াৰ নিদৰ্শন দাঙি ধৰিছিল৷
দেশৰ আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত চাওলুং চ্যুকাফাৰ আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ সেই নিদৰ্শনে আমাক নি(য়কৈ অনুপ্ৰাণিত কৰি যাব বুলি মত ব্যক্ত কৰি সোণোৱালে লগতে কয় যে চাওলুং চ্যুকাফাই যি অদম্য সাহস, শৌৰ্য-বীৰ্য আৰু বীৰত্বৰ পৰিচয় দাঙি ধৰিছিল, তাৰেই আধাৰত বহিৰাগত আগ্ৰাসী মোগলৰ আক্ৰমণ বাৰে বাৰে প্ৰতিহত কৰিবলৈ হাজাৰ-বিজাৰ অসমীয়া অনুপ্ৰাণিত হৈছিল৷
সোণোৱালে লগতে কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে যিদৰে সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন কৰি আৰু সকলোকে লগত লৈ আগবাঢ়িছে, সেই মহৎ যাত্ৰাত স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব৷ কিয়নো স্বৰ্গদেউজনেও সকলো জাতি-জনগোষ্ঠী, সৰ্বস্তৰৰ লোকক লগত লৈ বৰঅসমৰ ভেটি সুদৃঢ় কৰিছিল৷
আনহাতে, আহোম স্বৰ্গদেউসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আহোম ৰাজত্বৰ ৰাজধানীসমূহ হাবুং, তিপাম, চৰাইদেউ আদিৰ লগতে আহোম যুগৰ কীৰ্তিচিহ্নবোৰৰ সুৰক্ষা, সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ উপৰি পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেবিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷
আনহাতে, ভাৰতৰ পাঁচখন আইকনিক পুৰাতাত্ত্বিক ঐতিহ্যপূৰ্ণ স্থানৰ ভিতৰত শিৱসাগৰকো অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অনুষ্ঠানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুড়ি পণ্ডিতে আহোম, চোল, মৌৰ্য আৰু অন্যান্য ৰাজবংশৰ ৰাজত্বৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰতৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসক আলোকপাত কৰাত অৰিহণা যোগাব৷
প্ৰখ্যাত ইতিহাসবিদ হিন্দোল সেনগুপ্তই ভাৰতীয় ইতিহাসৰ বিকৃতকৰণৰ সন্দৰ্ভত কয় যে বহিৰাগত, ভাৰত-বিৰোধী আৰু কিছু স্বাৰ্থান্বেষী শক্তিয়ে ষড়যন্ত্ৰ কৰি ভাৰতৰ বহু সাহসী ৰজা তথা যোদ্ধাৰ নাম আৰু ৰাজত্বৰ বৰ্ণিল ইতিহাস দমন কৰি ৰাখিছিল৷ তেওঁ সেই গৌৰৱোজ্জ্বল ইতিহাসক জগাই তোলাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয়সকলে তেওঁলোকৰ বিজয়ৰ বিষয়ে পঢ়িব পাৰিব লাগিব
৷ তেওঁলোকৰ পৰাজয়ৰ বিষয়ে নহয়৷ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনয় কুমাৰ ৰাও আদিয়ে স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু আহোম ৰাজত্বৰ শৌৰ্য-বীৰ্য, পৰাক্ৰম আৰু গুণ-গৰিমাৰ সন্দৰ্ভত আলোকপাত কৰে৷
Comments