গুৱাহাটী, ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ডিচেম্বৰ ঃ সংস্কৃতিৰ পীঠস্থান সত্ৰসমূহ বেদখলৰ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সত্ৰ আয়োগে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আয়োগৰ ২০০ পৃষ্ঠাৰ অন্তৰ্ৱৰ্তী প্ৰতিবেদন দাখিল কৰে৷
মাটি বেদখলকাৰীৰ কবলত পৰাত সত্ৰসমূহৰ অস্তিত্ব নিঃশেষ হোৱাৰ বিষয়টোত অসম সত্ৰ মহাসভাকে ধৰি ৰাজ্যৰ জাতীয় সংগঠন, সচেতন লোক উদ্বিগ্ন হৈ পৰিছিল৷ মাটি বেদখলৰ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ, বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ যোৱা বছৰৰ নৱেম্বৰত গঠন কৰা আয়োগে মুঠ ৬২খন সত্ৰ পৰিদৰ্শন কৰিছিল৷
১১খন জিলাৰ ৩০৩খন সত্ৰৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি যুগুত কৰা বহু আকাংক্ষিত অন্তৰ্ৱৰ্তী প্ৰতিবেদন গামোচাৰে আবৃত কৰি সসন্মানেৰে শৰাইত তুলি আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ হাতত আয়োগে অৰ্পণ কৰে৷
মুখ্যমন্ত্ৰী, আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ সত্ৰৰ মাটি যে বেদখলৰ কবলত পৰিছে সেই অভিযোগৰ সত্যতা প্ৰতিপন্ন হ’ল আয়োগৰ অন্তৰ্ৱৰ্তী প্ৰতিবেদনত৷ আজি দাখিল কৰা অন্তৰ্ৱৰ্তী প্ৰতিবেদনত ৰাজ্যৰ ৩০৩খন সত্ৰৰ ৮,৫০৪ বিঘা [১,৮৯৮ হেক্টৰ] মাটি বেদখলৰ কবলত পৰাৰ তথ্য পোহৰলৈ আহে৷
প্ৰতিবেদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আয়োগৰ সদস্যসকলে নিজৰ সমষ্টিৰ কাম-কাজ এৰি, বিধানসভাৰ দায়িত্বৰ মাজেদি কম দিনৰ ভিতৰতে ৬২খন সত্ৰ পৰিদৰ্শন কৰিছিল৷ মুঠ ১১খন জিলাৰ ৩০৩খন সত্ৰৰ বিষয়ে ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰিছিল৷ সত্ৰসমূহৰ মাটি বেদখলকাৰীৰ কবলত পৰা সম্পৰ্কত বাতৰিকাকতত প্ৰকাশিত বাতৰি, প্ৰবন্ধৰ সত্যতা নিৰূপণৰ বাবে প্ৰথমবাৰৰ বাবে সূক্ষ্ম প্ৰচেষ্টা চলোৱা হৈছিল৷
সত্ৰৰ মাটি বেদখল হোৱাৰ কথা প্ৰতিবেদনত উল্লেখ হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ভিতৰত বৰপেটাত সৰ্বাধিক সত্ৰৰ মাটি বেদখল হৈছে৷ লখিমপুৰ, নগাঁও, বঙাইগাঁও আৰু ধুবুৰীতো সত্ৰত ব্যাপক হাৰত বেদখল হৈছে৷ এই প্ৰতিবেদনখনৰ তথ্যৰ সত্যতা প্ৰশাসনিক দৃষ্টিভংগীৰে গ্ৰহণ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক দিয়া হ’ব৷
কাৰণ সত্ৰসমূহে কৈছে তেওঁলোকৰ মাটি বেদখল হৈছে৷ দেৱোত্তৰ আইন আৰু ৰায়তীৰ খতিয়ানৰ দ্বাৰা মানুহে মাটিৰ অধিকাৰ পাব পাৰে৷ এই ব্যৱস্থাৰ ফলত খিলঞ্জীয়া লোকো দেৱোত্তৰ আইন আৰু ৰাায়তী ব্যৱস্থাৰ জৰিয়তে বাস কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে উপায়ুক্তৰ পৰা লাভ কৰা প্ৰতিবেদন সত্ৰ আয়োগক দিয়া হ’ব আৰু পাছত আয়োগে চালি-জাৰি চাব৷
তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰী নিয়ম মতেউচ্চেদ বা আন ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইয়াৰ সমান্তৰালকৈ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰচেষ্টাও চলি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ আৰু কয় যে আয়োগে কেইবাখনো সত্ৰ ভ্ৰমণ কৰিবলৈ বাকী আছে৷ আয়োগে সেই সত্ৰসমূহ ভ্ৰমণ কৰি প্ৰতিবেদন যুগুত কৰিব৷
সত্ৰ আয়োগৰ ওচৰত বেদখল সম্পৰ্কত ৪৪খন স্মাৰক- পত্ৰও দাখিল হৈছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বিজ্ঞানসন্মতভাৱে সত্ৰৰ মাটি বেদখলৰ বিষয়টো ওচৰৰ পৰা চোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ এই কাম আগতে কৰা হোৱা নাছিল৷ মাত্ৰ ১২০ দিনত ৬২খন সত্ৰ ভ্ৰমণ কৰি অন্তৰ্ৱৰ্তী প্ৰতিবেদন যুগুত কৰাটো বিধায়কৰ দৰে ব্যস্ততাত থকা লোকৰ বাবে কঠিন কাম৷
নিজৰ কাম আঁতৰাই জাতীয় জীৱনৰ কামক গুৰুত্ব দি মনোনিৱেশ কৰাৰ বাবে আয়োগৰ সদস্যসকলক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায়৷ উপায়ুক্ত, সত্ৰাধিকাৰ বা আন আন ব্যক্তি-সংগঠনে আয়োগৰ প্ৰতি আগবঢ়োৱা সহাযোগিতাৰ বাবে তেওঁলোকলৈও মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায়৷
অন্তৰ্ৱৰ্তী প্ৰতিবেদন দাখিল কৰাৰ আগে আগে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই কয় যে প্ৰথমতে এই কাম তেওঁলোকে সহজ বুলি ভাবিছিল৷ কিন্তু পাছতহে দেখিলে যে কামতো গভীৰ৷ সত্ৰৰ মাটি বেদখলৰ বিষয়টোক লৈ চৰকাৰে বহু আগতে চিন্তা কৰিব লাগিছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিলে বুলি তেওঁ উল্লেখ কৰে৷
Comments