ডিব্ৰুগড়, ৩ ডিচেম্বৰঃ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডক লৈ অব্যাহত আছে প্রতিক্রিয়া । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া ঘটনাৰ তদন্তৰ নিৰ্দেশনাৰ পিছতে কঠোৰ হৈ পৰিছে ডিব্ৰুগড় আৰক্ষী। আজি ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তই ৰজাভেটা আৰক্ষীৰ বেষ্টনীৰ পৰাই মন্তব্য কৰে যে –‘মই ৰেগিংকাণ্ডত জড়িত নাছিলো'। ৰেগিংকাণ্ড সন্দৰ্ভত ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে ৬জন ছাত্ৰক আটক কৰিছে।
উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত ৰজাভেটা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিবলৈ আহোঁতেই আৰক্ষীয়ে আটক কৰে অন্যতম অভিযুক্ত কল্যাণ দত্তক। ২৭ নৱেম্বৰৰ পৰা পলাতক অৱস্থাত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্র কল্যাণ দত্ত। আৰক্ষীয়ে আটক কৰাৰ পিছতেই তেওঁ ৰেগিংকাণ্ডৰে মই জড়িত নহয় বুলি জনায়। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য। আৰক্ষীয়ে কল্যাণ দত্তক জেললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।
Comments