মৰিগাঁও,৩ ডিচেম্বৰঃ মৰিগাঁও ধৰমতুল আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত আমচৈ অকৰাগাওঁ সমীপৰ বনাঞ্চলত প্ৰায় এক মাহ ধৰি এটা আঘাত প্ৰাপ্ত হাতী আৱদ্ধ হৈ থকাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোতে কোনো বাহনৰ খুন্দাত হাতীটো গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
কিন্তু আচৰ্যকৰ বিষয় এইয়ে যে মাত্ৰ ৫০০ মিটাৰ নিলগত অৱস্থিত ধৰমতুল আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা আঘাত প্ৰাপ্ত হাতীটো চিকিৎসা প্ৰদান কৰাকে ধৰি খাদ্য যোগানৰ ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে।
স্থানীয় ৰাইজে হাতীটোৰ চিকিৎসা প্ৰদানকে ধৰি সুৰক্ষাৰ বাবে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলক বাৰম্বাৰ আহ্বান জনোৱা পিছতো আজিলৈকে বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ গা নলৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে।
ইয়াৰ বিপৰীতে স্থানীয় ৰাইজে নিজেই হাতীটোক সুৰক্ষা প্ৰদানৰে খাদ্য যোগান ধৰি আহিছে। উল্লেখ্য যে অসম চৰকাৰৰ এক বিয়াগোম বন বিভাগ থকাৰ পিছতো বন্যপ্ৰাণী সংৰক্ষণৰ নামত কোটি কোটি টকা শৰাধ কৰাৰ পিছতো বন্যপ্ৰাণী সমূহ কোনোপধ্যেই সুৰক্ষিত হ’ব নোৱাৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।
Comments