সোণাৰি , ৩ ডিচেম্বৰ : আজি কিছু ব্যতিক্ৰমী ৰূপত দেখা পোৱা গল সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। সমষ্টিটোৰ নাহৰপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰহাট চাংমাই গাঁৱৰ দ আলতীয়া পথাৰত চাংমাই গাঁৱৰ ৰাইজৰ সহযোগত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বৰ্তমান গাঁৱৰ সমাজ জীৱনৰ পৰা ক্ৰমাত হেৰাই যাব ধৰা হাউৰী প্ৰথা আৰু সমুহীয়াভাৱে কৃষি কৰ্ম কৰা ধাৰা বৰ্তাই ৰখাৰ প্ৰয়াসেৰে ধান দোৱা এক অনুষ্ঠানত উপস্থিত হৈ দাৱনী সকলৰ সৈতে হাতত কাঁচি লৈ সমানে ধান দোৱা পৰিলক্ষিত হয়।
আঘোণ বতৰত সোণালী পথাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক আকৃষ্ট কৰে বুলি মন্তব্য কৰে। তেখেতে সহজ সৰল চহা জীৱনৰ আঘোনৰ ব্যস্ততাৰ মাজত পথাৰত দাৱনী সকল আৰু দলীয় কাৰ্যকৰ্তা সকলৰ লগত একেলগে পথাৰত ৰবাব টৈঙাৰ সোৱাদ লোৱাৰ উপৰিও এসাঁজ আহাৰ গ্ৰহণ কৰে।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰুৱা ছালি জিলা পৰিষদৰ সদস্যা পূৰবী গগৈ, নাহৰ পুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি ময়ুৰী গগৈ, অবিচি মৰ্চাৰ ৰাজ্যিক সদস্য গিৰিণ গগৈ, জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ, জিলা সভাপতি ৰুপম গগৈ, বৰহাট মন্ডলৰ সভাপতি নবজ্যোতি খনিকৰ মহিলা মৰ্চাৰ বিষয় ববীয়া সকলৰ উপৰিও বিভিন্ন বুথৰ সভাপতি সকলৰ উপৰিও স্থানীয় ৰাইজ।
Comments