গোলাঘাটঃ ৩ ডিচেম্বৰ: গোলাঘাটৰ এৰেঙাপাৰাৰ নৰাগাৱত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এখন ৰখাই থোৱা তেল পৰিবাহী টেংকাৰত বিষ্ফোৰণ হৈ নবীন বৰুৱা নামৰ লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।
জানিব পৰা পৰা মতে মৃত নবীন বৰুৱা নামৰ লোকজনে নিজা গেৰেজত এন এল-০৭ -এএ-১৩৫০ নম্বৰৰ টেংকাৰখনৰ ৱেল্ডিঙৰ কাম কৰি আছিল। হঠাৎ টেংকাৰখন বিষ্ফোৰণ হৈ চাৰিওফালে ধুঁৱলি কুঁৱলি হৈ পৰে। জুইৰ লেলিহান শিখাই টেংকাৰখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত কৰাৰ লগতে অঞ্চলটোৰ বহু লোকৰ ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে।
এই বিস্ফোৰণত গেৰেজটোৰ নিচেই কাষতে থকা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰো ক্ষতিসাধন কৰে। বিস্ফোৰণ টোত মন্ত্ৰী বাসগৃহৰ একাংশ খিৰিকীৰ লগতে গ্লাচ সমুহ ভাঙি চূড়মাৰ হয় । অবশ্যে ঘটনাৰ সময়ত মন্ত্ৰী গৰাকী গোলাঘাটৰ এই বাসগৃহত নাছিল বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ গেৰেজটোৰ স্বত্বাধিকাৰী নবীন বৰুৱাক মৃত অৱস্থাত উদ্ধাৰ কৰে। বিস্ফোৰণত নবীন বৰুৱাৰ দেহ চিন্ন ভিন্ন হৈ পৰে । পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক উপস্থিত হৈ মৃত লোক জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মৃত নবীন বৰুৱাৰ ঘৰ গোলাঘাটৰ নৰাগাঁৱত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দূৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত টেংকাৰখনত কোনো ইন্ধনজাত সামগ্ৰী নাছিল যদিও কি কাৰণত বিস্ফোৰণ সংঘটিত হ'বলৈ পালে সেয়া আৰক্ষীৰ তদন্ততহে সমগ্ৰ বিষয়টো পোহৰলৈ আহিব। মন কৰিবলগীয়া যে ২০০৫ চনতো নবীন বৰুৱাৰ গেৰেজৰ সমীপৰে এটা অন্য গেৰেজত অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈ এজন লোকৰ প্ৰাণ হানি হৈছিল। কিন্তু ইয়াৰ পাছতো একাংশ গেৰেজৰ মালিক অথবা কৰ্মচাৰী সকলে অসুৰক্ষিত ভাবে অইল টেংকাৰৰ মেৰামতি কৰাৰ বাবেই আজি এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ কথা অৱগত কৰে স্থানীয় ৰাইজে ।
ৰাইজৰ অভিযোগ মতে,এনেদৰে তেল পৰিবাহী টেংকাৰ মেৰামতি কৰিবলৈ হ'লে প্ৰথমে টেংকীটো ভালকৈ পানীৰে ধুই টেংকীটো পানীৰে পৰিপূৰ্ণ কৰি বেলডিং অথবা অন্যান্য মেৰামতি কৰিব লাগে । কিন্তু গাড়ীৰ মালিক আৰু গেৰেজৰ মালিক সকলে এইবোৰ সুৰক্ষাৰ দিশলৈ লৈ মনকান নিদিয়াৰ বাবেই গোলাঘাটত এনে ঘটনা পুনৰাবৃত্তি হ'বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে জানিবলৈ দিয়ে । ইফালেদি আজি নৰগাৰস্থিত এই গেৰেজটোত কৰ্মৰত অন্য চাৰিজন মেকানিক সেইসময়ত চাহ খাৱৰ বাবে হোটেললৈ যোৱাৰ বাবেই ভয়ংকৰ বিস্ফোৰণটোৰ পৰা ৰক্ষা পৰা বুলিও জানিব পৰা গৈছে ।
Comments