আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীৰ পৰা উৎপল বৰা আৰু গোবিন্দ দাস, ৩ ডিচেম্বৰ ঃ ‘আমাৰ কেইবাগৰাকী মাতৃ আছে৷ তাৰ ভিতৰত জন্মদাত্ৰী মাতৃ, জন্মভূমি মাতৃ, বেদমাতা, গোমাতা আৰু গুৰুমাতা এই পঞ্চ মাতাক যদি কোনোবাই ত্যাগ কৰে সমাজখন কেতিয়াও শৃংখলিত হৈ নাথাকে৷ এই পঞ্চমাতাক সন্মান কৰিলেহে সমাজখন সুৰক্ষিত হৈ থাকিব৷
পঞ্চপদী গুৰুৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গুৰু হৈছে মাতৃ৷ সেয়ে আপোনালোক শ্ৰেষ্ঠ গুৰুৰ সংজ্ঞাৰে বিভূষিত৷ সেয়ে আপোনালোকৰ মুখৰ পৰাই ভগৱানৰ ব্ৰহ্ম বাক্য উচ্ছাৰণ কৰাবলৈ বিচাৰিছোঁ যাতে সমাজৰ পৰা কলুষতা আঁতৰি যাব আৰু মাতৃস্বৰূপা আইসকলৰ মুখৰ পৰা এই ব্ৰহ্ম বাক্য যদি সঁচা অৰ্থত উচ্ছাৰণ হয় তেন্তে ঘৰখনৰ লগতে সমাজখনো একপ্ৰকাৰে সংস্কাৰ হৈ উঠিব৷
সেই বাবেই আমি ইয়াত মাতৃসকলক সমৱেত কৰি তেওঁলোকৰ মুখেৰেই হৰিনামৰ ধ্বনি শুনিবলৈ বিচাৰিছোঁ৷’– আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈ থকা ‘নামঘৰ সমাৰোহ’ৰ আজি দ্বিতীয়দিনা ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাৰ দিহানাম অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়৷
অনুষ্ঠানত উপস্থিত আইসকলক উদ্দেশ্যি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত সত্ৰাধিকাৰগৰাকীয়ে কয় যে হিৰণ্য কশিপুৰ পত্নী কয়াধু আছিল অতি ভক্তি মতি৷ সেই কয়াধুৰ গৰ্ভৰ পৰাই ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল৷ কয়াধুৰ যত্নতে প্ৰহ্লাদ ভক্ত হৈছিল আৰু একৈশ পুৰুষ উদ্ধাৰ কৰিছিল৷
তেওঁ ভক্ত প্ৰহ্লাদৰ প্ৰসংগ উল্লেখ কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃসকললৈ আহবান জনাই কয় যে মাতৃসকলে সন্তান জন্ম দিয়া, প্ৰতিপালিত কৰাৰ ক্ষেত্ৰত সাত্ত্বিক মনোভাব গ্ৰহণ কৰিব৷ সাত্ত্বিক মনোভাবে সন্তান জন্ম বা প্ৰতিপালিত কৰিলে প্ৰহ্লাদ নহ’লেও জ্ঞানৱন্ত, ভক্তিৱন্ত হ’ব আৰু তেনে সন্তানেহে সমাজখন সুস্থিৰ কৰি ৰখাত সহায় কৰিব বুলি উল্লেখ কৰে৷
ইয়াৰ পাছতেই নাগাৰাৰ গুৰু ঘাটৰে আৰম্ভ হোৱা অনুষ্ঠানত উৰুলি, দবা-শংখৰ ধ্বনিৰ মাজত ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাই ‘কৃষ্ণ গোসাঁই জন্ম লৈলে কংসৰ কাৰাগাৰে...’ শীৰ্ষক হৰিনামৰ ধ্বনিৰে বৰলুইতৰ পাৰৰ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ সমগ্ৰ অঞ্চলৰ আকাশ-বতাহ মুখৰ কৰি তোলে৷
অনুষ্ঠানত চেলেং চাদৰ, গামোচা লৈ সাত্ত্বিকভাবেৰে একেলগে বহি আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীৰ আশীৰ ঊধ্বৰ্ৰ মাতৃ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়েও দিহানাম পৰিৱেশন কৰে৷ উক্ত অনুষ্ঠানৰ শেষত সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে মাতৃসকল পৰিচালিকা শক্তি হিচাপে থাকিব পাৰে কিন্তু আজি আমি সকলো নামেৰে এক হৈছোঁ৷
ইফালে আজি নামঘৰ সমাৰোহৰ দ্বিতীয় দিনা আৰু বহুকেইটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ ক্ৰমে আউনীআটী সত্ৰ, মাজুলীৰ বৈৰাগী নাম, সত্ৰশাল নামঘৰ, ধুবুৰীৰ থিয় নাম, অৰূপ শইকীয়া দেওৰজা শিৱসাগৰৰ অভিনয়ধৰ্মী দিহানাম, ৰুনুমী নাথ, গাছবাৰী কামৰূপৰ ৰুনুমী নাথৰ নাগাৰা নাম, মৃদুস্মিতা ৰাজগুৰু, গীতালি শৰ্মা
আৰু সংগীবৃন্দৰ ক্ৰমে আইনাম, ধাইনাম, অপেশ্বৰা সবাহৰ নাম, শিশু উমলা, সুচনী আৰু লখিমী সবাহৰ নাম, মাজুলী বোকাবিল মিচিং মহিলা দলৰ দিহানামকে ধৰি ঘৰফলীয়া নাম, হিয়ানাম, নাগাৰা নাম, দিহানাম, প্ৰকৃতি দিহানাম, বেংগলী আই দিহানাম, আখ্যানধৰ্মী দিহানাম, চহা দিহানাম, সমন্বয় হীৰানামৰ অনুষ্ঠান অনুষ্ঠিত হয়৷
সন্ধিয়ালৈ স৫১্ষী সমন্বয় শিল্পী সমাজ নাহৰকটীয়াৰ শিল্পী দলে ‘কাৰ্তিক-গণেশৰ জন্ম ৰহস্য’ শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰে৷ তদুপৰি আউনীআটী সত্ৰ, মাজুলীৰ প্ৰসন্ন ভূঞা বায়নৰ একৈশটা খোলৰ ঘোষা ধেমালি আৰু শিৱসাগৰৰ ৰংগ কিশোৰ মহন্তই শিশুৰ একক অভিনয় প্ৰদৰ্শন কৰে৷ ইফালে কাইলৈ
সমাৰোহৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে নামঘৰ সমাৰোহৰ আজি দ্বিতীয় দিনা সন্ধিয়া অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰথমেই নামঘৰ সমাৰোহ উদ্যাপন সমিতিৰ হৈ সভাপতি তথা আউনীআটী সত্ৰৰ অধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে এখন ৰাঙলী শৰাই, বেতৰ বিচনী, এটা বিশেষ জাপিৰে আদৰণি জনায়৷
ইয়াৰ পাছতে অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰখা ভাষণত কয় যে অসমীয়া সমাজখনৰ প্ৰতি গুৰুজনাই যি আদৰ্শ দেখুৱাই গৈছে আজি সেই আদৰ্শক কৰ্ম জীৱনত বাস্তৱায়িত কৰাৰ নিমিত্তে আউনীআটী সত্ৰৰ অধিকাৰে যি উদ্যোগ লৈছে আমি সকলোৱে এই উদ্যোগৰ অন্যতম অংশীদাৰ হিচাপে আন্তৰিকতাৰে ভাগ ল’ব লাগিব৷
মই ইয়াত আহি উমান পাইছোঁ ভক্তিভাবেৰে এই মহা স্থানত এক শক্তিশালী আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠিছে৷ মনৰ শান্তি, শৰীৰৰ শান্তি, আধ্যাত্মিক চেতনা শক্তি মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ তেওঁ আৰু কয় যে ভক্তিত শক্তি আছে, শান্তি আছে৷ এই সমাৰোহৰ পাছত ইয়াত লাভ কৰা আধ্যাত্মিক, নৈতিক চেতনা শক্তিৰে প্ৰতিটো অঞ্চলত গভীৰভাৱে এক চেতনাৰ সম্প্ৰসাৰণ কৰিলে সমাজখনত শান্তিৰে উপচি পৰিব৷
তেওঁ আৰু কয় যে একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিশ্ব মানৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰাৰ সময়ত মানৱীয় মূল্যবোধ, মৰম-স্নেহ, আন্তৰিকতা, শ্ৰদ্ধা-ভক্তি আৰু মানৱ প্ৰেম সকলো সময়তে আমাৰ মাজত যাতে জীয়াই থাকে, মানৱীয় অনুভূতিৰে যেন সমাজখন প্ৰাণৱন্ত হয়,
সংস্কৃতিৱান হয়, আধ্যাত্মিক শক্তিৰে উদ্বুদ্ধ হয় তাৰ বাবে এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তা থকা বুলি তেওঁ উল্লেখ কৰে৷ বিশ্বৰ বুকুত এখন শক্তিশালী সমাজ নিৰ্মাণৰ বাবে শিক্ষা, সংস্কৃতি, আধ্যাত্মিকতা অত্যন্ত প্ৰয়োজন বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
Comments