ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত অভিযুক্ত আন এজন ছাত্ৰ কল্যাণ দত্তই আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ আৰক্ষীয়ে আজি তেওঁক আদালতত হাজিৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰে৷ ইয়াকে ধৰি ৰেগিং কাণ্ডত অভিযুক্ত মুঠ ৬জন ছাত্ৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে৷
ইফালে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আজি এসপ্তাহে আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তদন্তৰ বাবে জে’লত বন্দী হৈ থকা ছাত্ৰসকলৰ সাক্ষ্য গ্ৰহণৰ বাবে আজি ন্যায়াধীশৰ অনুমতি বিচাৰিছিল যদিও আৱেদনখন খাৰিজ হয়৷
অৱশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত বাহৰ পাতি থকা উচ্ছ ক্ষমতাসম্পন্ন কমিটীয়ে আজি একাংশ বিষয়া-কৰ্মচাৰী, শিক্ষক, ছাত্ৰৰ সাক্ষ্য গ্ৰহণ কৰে৷ সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতা কোষৰ এটা দলে ছাত্ৰাৱাসসমূহৰ আৱাসীৰ সৈতে মতবিনিময় কৰি সৌহাৰ্দ্যমূলক পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে৷
উল্লেখযোগ্য যে ভয়ংকৰ ৰেগিং কাণ্ডৰ পাছত আতংকিত বহু নৱাগত ছাত্ৰই নিৰাপত্তাৰ খাতিৰত ছাত্ৰাৱাস এৰি গৃহমুখী হৈছিল৷ বিশ্ববিদ্যালয়খনৰ চৌহদৰ ভিতৰত থকা মুঠ ১৭টা ছাত্ৰাৱাস-ছাত্ৰী নিৱাসত প্ৰায় ২৫০০গৰাকী আৱাসী ছাত্ৰ-ছাত্ৰী আছে৷ ৰেগিং কাণ্ডৰ পাছত থৰকাছুটি হেৰুওৱা বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসকে প্ৰমুখ্য কৰি কেতবোৰ বিশেষ বিশেষ স্থানত চি চি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰিছে৷
বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এক সিদ্ধান্ত মৰ্মে আগন্তুক নতুন শিক্ষাবৰ্ষৰ পৰা জ্যেষ্ঠ আৰু নৱাগত ছাত্ৰ-ছাত্ৰীক সুকীয়া ছাত্ৰাৱাস- ছাত্ৰী নিৱাসত ৰখাৰ ব্যৱস্থা কৰিব বুলি জনাইছে৷ আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰাপত্তা পৰামৰ্শদাতা কমিটীয়ে অহা ৫ ডিচেম্বৰত নিৰাপত্তাৰ দিশ অধিক সুদৃঢ় কৰাৰ দিশত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব৷
আনহাতে, ৰেগিং কাণ্ডত গুৰুতৰভাৱে আহত হৈ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন হৈ থকা নৱাগত ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্য উন্নত হৈছে৷ অস্ত্ৰোপচাৰৰ পাছত আজি তেওঁক বিছনাতে দুৱাৰ কিছু সময় বহিবলৈ দিয়া হয়৷ কিছু দুৰ্বল হৈ থকাৰ বাবে তেওঁক দুই ইউনিট তেজ দিয়াৰ ব্যৱস্থা চিকিৎসাকে কৰে৷
অহা ৩ দিনৰ পাছত তেওঁক লাহে লাহে খোজ কাঢ়িবলৈ দিয়া হ’ব বুলি চিকিৎসকে জনায়৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তেওঁক তেওঁৰ শৈক্ষিক দিশৰ প্ৰতি চিন্তিত নহ’বলৈ পৰামৰ্শ আগবঢ়ায়৷ প্ৰয়োজন সাপেক্ষে তেওঁৰ বাবে সুকীয়া পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত কৰিব বুলি কতৃৰ্পক্ষই জনায়৷
Comments