জাগীৰোডৰ নিজা বাতৰি দিওঁতা আৰু মৰিগাঁৱৰ নিজা সংবাদদাতা, ৩ ডিচেম্বৰ ঃ জাগীৰোড থানাৰ আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই কঁপাইছে ৰাজ্য৷ থানাত ন্যায় বিচাৰি এজাহাৰ দিবলৈ অহা এগৰাকী যুৱতীক অশালীন প্ৰস্তাৱ দিয়া এছ আই অমিতাভ শেনচোৱাক আজি ৰিজাৰ্ভ ক্ল’জ কৰা হয়৷
মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত এছ আই অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছত আজি সন্ধিয়া ভুক্তভোগী যুৱতীগৰাকীৰ জাগীৰোড থানাত সাক্ষ্য গ্ৰহণ কৰে মৰিগাঁৱৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে৷
জাগীৰোডৰ নতুন গাঁৱৰ এজন যুৱক কুলদীপ হাজৰিকাৰে প্ৰেমৰ সম্পৰ্ক থকা আৰু বিয়াৰ প্ৰস্তাৱ দি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ এগৰাকী যুৱতীয়ে কিছুদিনৰ পূৰ্বে জাগীৰোড থানাত এখন এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰ দাখিলৰ পাছত যুৱতীগৰাকীক এছ আই অমিতাভ শেনচোৱাই অশালীন প্ৰস্তাৱ দিয়া বুলি অভিযোগ কৰাৰ লগতে আৰক্ষী বিষয়াজনৰ কৰ্মকাণ্ডৰ বিষয়েও সংবাদ মাধ্যমৰ আগত ভাষ্য দিয়ে৷
যুৱতীক প্ৰতাৰণা কৰা যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়াৰ পাছত ভুক্তভোগী যুৱতীগৰাকীক এছ আই অমিতাভ শেনচোৱাই বিনিময়ত বিচাৰিছিল অন্য মহিলা৷ পাছত ভুক্তভোগী যুৱতীগৰাকীৰে দুষ্ট প্ৰকৃতিৰ আৰক্ষী বিষয়াজনৰ অশালীন প্ৰস্তাৱৰ ফ’নকল ভাইৰেল হৈ পৰাৰ লগতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাত আজি অমিতাভ শেনচোৱাৰ বিৰুদ্ধে মৰিগাঁৱৰ আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে৷
উল্লেখযোগ্য যে জাগীৰোড থানাত যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰখন আৰক্ষী বিষয়াজনে জাল কৰা বুলিও থানাত সাক্ষ্য গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত বিস্ফোৰক তথ্য দিয়ে৷ এইক্ষেত্ৰত যুৱতীগৰাকীয়ে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী উত্থাপন কৰাৰ লগতে উপযুক্ত ন্যায় বিচাৰিছে৷
Comments