গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰ ঃ স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন বিভাগলৈ আবণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷
জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত আজি সন্ধিয়া অনুষ্ঠিত বৈঠকত বিত্ত মন্ত্ৰী নেওগে তিনিওটা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা বিভাগীয় বাজেট আবণ্টনৰ সদ্ব্যৱহাৰ আৰু বাজেট ঘোষণা কাৰ্য ৰূপায়ণৰ সবিশেষ খতিয়ান লয়৷
এই গুৰুত্বপূৰ্ণ বৈঠকত বিত্ত মন্ত্ৰী নেওগে স্বাস্থ্য মন্ত্ৰী মহন্তৰ সহযোগিতাত স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটত সন্নিৱিষ্ট নতুন চিকিৎসা মহাবিদ্যালয়সমূহ নিৰ্মাণৰ বাবে লোৱা ব্যৱস্থাৱলী, নতুন কৰ্কট চিকিৎসা কেন্দ্ৰৰ নিৰ্মাণ,
জাইকাৰ অধীনৰ ছখন চিকিৎসা মহাবিদ্যালয়ত নতুন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ নিৰ্মাণ, অসম চাহ নিগমৰ বাগিচাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন, অত্যাধুনিক নাৰ্ছিং মহাবিদ্যালয়ৰ সৈতে নতুনকৈ দহখন জিলা চিকিৎসালয়ৰ নিৰ্মাণ, যোৰহাট-লখিমপুৰ-তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত বি এছ চি নাৰ্ছিং মহাবিদ্যালয় স্থাপন,
দুধনৈ আৰু পলাশবাৰীত দুখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ৰাজ্যত আগন্তুক পাঁচ বছৰত ১০০০খন বুনিয়াদী চিকিৎসা কেন্দ্ৰ স্থাপন, চৰকাৰী কৰ্মচাৰী-পেন্সনাৰসকল তথা নিৰ্ভৰশীল নিকটাত্মীয়ৰ বাবে চিকিৎসা সেৱাৰ সুশৃংখলিত ব্যৱস্থা প্ৰৱৰ্তনৰ দিশত অটল অমৃত অভিযান সমিতিৰ অধীনত তথ্য-প্ৰযুক্তি প’ৰ্টেলৰ প্ৰস্তুতি, স্নেহস্পৰ্শ আঁচনিৰ কাৰ্য ৰূপায়ণ আদি বাজেট ঘোষণাসমূহ কাৰ্যকৰীকৰণৰ বাবে এইপৰ্যন্ত বিভাগৰ ফালৰ পৰা লোৱা কাৰ্যব্যৱস্থা তথা বাজেটৰ সদ্ব্যৱহাৰৰ বিষয়ে বিতংভাৱে বুজ লয়৷
একেদৰে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বাজেট আবণ্টন তথা ঘোষণাৰাজিৰো পৰ্যালোচনা কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে এই বৈঠকতে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্মান আঁচনিৰ ৰূপায়ণ কাৰ্য, অসম মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু গুৱাহাটী বায়’টেক পাৰ্কৰ কাম-কাজৰ অগ্ৰগতিৰো খতিয়ান লয়৷
বিত্ত মন্ত্ৰী নেওগে স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক বিভাগকেইটাৰ বাবে এইবাৰৰ বাজেটত আবণ্টিত পুঁজি সময়মতে সম্পূৰ্ণ সদ্ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ তদুপৰি বিভাগকেইটাৰ বাবে অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হ’লে বিধানসভাৰ আগন্তুক অধিৱেশনত অনুমোদন ল’ব পৰাকৈ পৰিপূৰক দাবী মঞ্জুৰি প্ৰস্তাৱ শীঘ্ৰে বিত্ত বিভাগৰ ওচৰত দাখিলৰ বাবেও বিত্ত মন্ত্ৰীয়ে বৈঠকত বিভাগকেইটাক পৰামৰ্শ দিয়ে৷
Comments