গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰ ঃ অসম আন্দোলন কল্যাণ ন্যাসলৈ অসম চৰকাৰে অতিৰিক্তভাৱে পাঁচ কোটি টকা আগবঢ়াব৷ সেয়ে অসম আন্দোলনৰ শ্বহীদ, আহত আৰু নিৰ্যাতিত আদি ব্যক্তিৰ তথ্যসমূহ একত্ৰিতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চুক্তি ৰূপায়ণ বিভাগক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে৷
আজি মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনত অসম আন্দোলন কল্যাণ ন্যাসৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পাছত এই নিৰ্দেশ প্ৰদান কৰা হয়৷ বৈঠকতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অতিৰিক্তভাৱে এই ন্যাস পুঁজিলৈ আৰু পাঁচ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে অসম আন্দোলন কল্যাণ ন্যাসৰ পুঁজি পূৰ্বতে পাঁচ কোটি টকাৰে গঠন কৰা হৈছিল৷
ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে আগবঢ়োৱা ধনৰাশিৰ সৈতে এতিয়া ন্যাসৰ পুঁজি দহ কোটি টকালৈ বৃদ্ধি পাব৷ এই পুঁজিৰে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল তথা আন্দোলনত আতিশয্যৰ সন্মুখীন হোৱা পৰিয়ালসমূহলৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ধন আগবঢ়োৱা হ’ব৷
আনহাতে, এই বৈঠকতে অসম আন্দোলনৰ শ্বহীদ তথা এই আন্দোলনত গুলীত আঘাতপ্ৰাপ্ত আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আদি ব্যক্তিৰ তথ্যসমূহ অনলাইন ব্যৱস্থাৰে একত্ৰিতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীজনে অসম চুক্তি ৰূপায়ণ বিভাগক নিৰ্দেশ দিয়ে৷ বৈঠকত ন্যাসৰ ভৱিষ্যৎ কৰ্মসূচীৰ লগতে ন্যাসটো অধিক শক্তিশালী কৰাৰ সম্বন্ধেও বিস্তৃতভাৱে আলোচনা কৰা হয়৷
বৈঠকত অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসমূহৰ তৰফৰ পৰা চন্দ্ৰকান্ত তালুকদাৰ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চুক্তি ৰূপায়ণ বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেছাৰো উপস্থিত থাকে৷
Comments