গুৱাহাটী ঃ ষ্টাফ ৰিপ’টাৰ্ৰ, ৩ ডিচেম্বৰ ঃ হিন্দু বিদ্বেষী, সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্য জ্বলাইছে সাংসদ বদৰুদ্দিন আজমলে৷ অতি অশালীন বাক্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা আজমলক আনকি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰো দাবী উত্থাপন হৈছে৷
দল- সংগঠন, ৰাজনীতিবিদৰ পৰা সাধাৰণ জনতালৈকে সকলোৱে একেমুখে হিন্দুক চূড়ান্তভাৱে অপমান কৰা আজমলক ধিক্কাৰ দিয়াৰ লগতে গৰিহণা দিছে৷ এ আই ইউ ডি এফৰ মুৰব্বীজনক নিকৃষ্ট মানসিকতাৰ লোক বুলি সকলোৱে অভিহিত কৰাৰ লগতে তেওঁৰ সাংসদৰ পদ খাৰিজ কৰা আৰু অসমত তেওঁক নিষিদ্ধ কৰাৰ বাবেও দাবী জনাইছে বিভিন্নজনে৷
কিন্তু আ(ৰ্যজনক কথা যে সকলোৱে গৰিহণা, ধিক্কাৰ দিয়াৰ পাছটো কিন্তু নাৱৰ টিঙৰ পৰা নমা নাই সাংসদজন৷ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল হৈ আছে আজমল৷ ‘আমাৰ উদ্দেশ্য কাকো আঘাত দিয়া নহয়, কোনোবাই যদি আঘাত পাইছে, তেনেহ’লে মই দুঃখিত৷ মোৰ মন্তব্য প্ৰত্যাহাৰ কৰিছোঁ’ বুলি কৈয়েই সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি আহিব খুজিছে আজমলে৷
কিন্তু হিন্দু সমাজক অশালীন মন্তব্যৰে আক্ৰমণ কৰা আজমলৰ এই দম্ভক লৈ সৰৱ হৈ পৰিছে ৰাজ্যবাসী৷ আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই ৰাজ্যৰ কেইবাটাও দল- সংগঠনে আজি আজমলৰ প্ৰতিকৃতি দাহ কৰে৷ আনকি ৰাজ্যৰ মুছলমান লোকসকলেও আজমলক চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে৷
মন্ত্ৰী পীযুþষ হাজৰিকাই আজমলৰ বুদ্ধি ভ্ৰষ্ট হোৱা বুলি উল্লেখ কৰি কয় যে হিন্দু সমাজৰ সন্দৰ্ভত তেওঁ যাতে বেয়া মন্তব্য নকৰে তাৰ বাবে মই সকীয়াই দিছোঁ৷ মন্ত্ৰীজনৰ মতে, তেওঁলোকে নিজৰ মাজত যি কৰে কৰি থাকক৷ কিন্তু যিখিনি মানুহ ভাৰতবৰ্ষত ভালকৈ আছে আৰু নিজকে ভাৰতীয় হিচাপে ভাবে তেওঁলোকৰ মাজতবিষবাষ্প নিবিয়পাব৷
আনহাতে, আজমলৰ পৰকিতি লৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বদৰুদ্দিনৰ মানসিক অৱস্থাৰ গণ্ডগোল হৈছে যেন অনুভৱ হয়৷ কাৰণ আজিকালি তেওঁ ওলট-পালট কথা কয়৷ হিন্দুৱে মুছলমানৰ পৰা একো শিকিবলগীয়া নাই৷ মুছলমান মানে হৈছে দহ-বিশটা সন্তান জন্ম দিয়া এটা ফেক্টৰী৷ অৱশ্যে মুছলমান সমাজতো ভাৰতীয় পৰম্পৰা লৈ চলা মানুহ আছে আৰু সেইখিনি আমাৰ লগত সদায় থাকিব বুলিও মত ব্যক্ত কৰে মন্ত্ৰীজনে৷
আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজমল প্ৰকৃততে এজন ৰাজনৈতিক সন্ত্ৰাসবাদী বুলি অভিহিত কৰি কয় যে বাংলাদেশী মূলৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই আজি আজমল সাংসদ হ’ল৷ আনহাতে, এজন মৌলানাই এনে মন্তব্য কেনেকৈ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে নিজৰ ভেটি সুৰক্ষিত কৰি ২৪১ লোক সভাৰ নিবাৰ্চনত জয়ী হোৱাৰ বাবেই তেওঁ এনে মন্তব্য কৰিছে৷
আজমলৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ হ’ব, কিন্তু এই বিষয়ত চৰকাৰ বেছিকৈ জড়িত নহয় বুলি জনাই তেওঁ কয় যে চৰকাৰ জড়িত হ’লে আজমল পক্ষই সুযোগ ল’ব৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজমলক মোগল বুলি অভিহিত কৰি কয় যে মোগলসকল যিদৰে চলি থাকে চলি থাকক৷ আমাক তেওঁৰ পৰামৰ্শ নালাগে৷
অসমৰ বাহিৰত আপুনি যি কৰে কৰি থাকক৷ কিন্তু অসমত থাকি অসমৰ বিৰুদ্ধে কোনো কথা নক’ব৷ সাংসদ কুইন ওঝাই আজমলক অসমৰ পৰা বাহিৰ কৰি দিয়াৰ আহ্বান জনাই কয় যে অসমখন ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে সাংসদজনে৷ তেওঁৰ দৰে লোকৰ অসমত কোনো স্থান নাই৷ তেওঁক নিষিদ্ধ কৰিব লাগে৷
ইফালে মৌলানা নহয়, আজমল এজন ধুৰন্ধৰ বুলি মত প্ৰকাশ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মিয়ে কয় যে অসমৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত নহয়, ১২ ঘণ্টাৰ ভিতৰত আজমলক বাহিৰ কৰি দিয়ক৷ প্ৰথমে অসমৰ পৰা, তাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ লগত কথা পাতি ভাৰতৰ পৰা আজমলক বাহিৰ কৰি দিয়াৰ দাবী জনায় কুৰ্মিয়ে৷
বিজেপিৰ সাংসদ দিলীপ কুমাৰ শইকীয়ায়ো আজমলক গৰিহণা দি কয় যে এনে মন্তব্যই সমাজত ভাঙোনৰ সৃষ্টি কৰিব৷ আজমলে সনাতনী সভ্যতা-সংস্কৃতিক আক্ৰমণ কৰিছে বুলি মত প্ৰকাশ কৰি শইকীয়াই কয় যে অসমৰ ৰাইজে আজমলক সময়ত উচিত শিক্ষা দিব৷ মন্ত্ৰী অশোক সিংঘালে আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি কয় যে ভৱিষ্যতে যাতে কোনেও এনে মন্তব্য কৰিবলৈ সাহস কৰিব নোৱাৰে তাৰ বাবেই আজমলক গ্ৰেপ্তাৰ কৰা উচিত৷
আজমলৰ দৰে নেতাৰ বাবেই অসমত অশান্তিৰ সৃষ্টি হয় বুলিও কয় মন্ত্ৰীজনে৷ বিধায়ক নোমল মমিনে আজমলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি কয় যে তেওঁ অসমত বিভেদৰ ৰাজনীতি কৰিব খুজিছে৷ আনহাতে সংখ্যালঘু উন্নþয়ন বৰ্ডৰ অধ্যক্ষ হাফিজ মহম্মদ চৌধুৰীয়ে আজমল মানসিকভাৱে অসুস্থ হৈ পৰিছে বুলি মত প্ৰকাশ কৰি কয় যে তেওঁ হিন্দু সমাজৰ ওচৰত ক্ষমা খোজা উচিত৷
এজন সাংসদ তথা মৌলানাৰ মুখত এনে কথা ওলোৱাটো লজ্জাজনক বুলিও কয় চৌধুৰীয়ে৷ আমছুৱেও আনকি আজমলৰ বিৰুদ্ধে সৰৱ হৈ উঠা দেখা পোৱা গৈছে৷ মুছলমানক তুচ্ছ-তাচ্ছিল্য কৰাৰ অধিকাৰ আজমলৰ নাই বুলি উল্লেখ কৰি আমছুৰ নেতৃত্বই কয় যে আজমল অসমৰ মুছলমানৰ মুৰব্বী নহয়৷ তেওঁ যি মন্তব্য কৰিছে সেয়া গৰিহণাৰ যোগ্য৷
আনহাতে ৰাজ্যিক বিজেপিয়ে বদৰুদ্দিন আজমলক ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ বুলি অভিহিত কৰি কয় যে মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰেই ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি লোৱাৰ বাবেও আহ্বান জনায়৷
ন-ৰূপত অহা এই মোগলসকলক আমি প্ৰতিহত কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে যিদিনা সত্ৰৰ ভূমি দখলৰ সন্দৰ্ভত চৰকাৰে গঠন কৰি দিয়া আয়োগে প্ৰতিবেদন দাখিল কৰিছিল সেইদিনাই আজমলে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি অশালীন মন্তব্য কৰাটো লক্ষণীয়৷ কিয়নো সত্ৰৰ ভূমি দখল কৰি থকাসকল হৈছে পমুৱা মুছলমান৷
আনহাতে এই পমুৱা মুছলমানসকলেই হৈছে আজমলৰ ভোট বেংক৷ সেয়েহে ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থতে আজমলে এনেদৰে অশ্লীল ভাষাৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে৷ ছাত্ৰ সংগঠন এ বি ভি পিয়েও আজমলক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে এজন সাংসদৰ মুখত এনে কথাই শোভা নাপায়৷
আজমলক সমাজ বিৰোধী বুলি উল্লেখ কৰি ছাত্ৰ সংগঠনটোৱে কয় যে আজমলে ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে কথা কৈছে৷ এনে কথা কেতিয়াও গ্ৰহণযোগ্য নহয়৷ ৰাজ্যৰ বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়েও আজমলৰ এনে কাৰ্যক নিন্দা কৰিছে৷ চক্ৰৱৰ্তীয়ে কয় যে এনেধৰণৰ নিম্ন ৰুচিৰ বক্তব্যৰে বদৰুদ্দিন আজমলে অসমীয়া অনুভূতিকেই যে আঘাত দিলে এনে নহয়, ভাৰতীয় সংসদৰ দৰে এক গৰিমামণ্ডিত অনুষ্ঠানৰো পৱিত্ৰতা নষ্ট কৰিলে৷
যিখন ভাৰতীয় সংসদত ড॰ ৰাধাকৃষ্ণণ, ড॰ ৰাজেন্দ্ৰ প্ৰসাদ, পণ্ডিত জৱাহৰলাল নেহৰু, হেম বৰুৱাৰ দৰে মহান সাংসদসকলে শোভাবৰ্ধন কৰিছিল তেনে এখন মহিমামণ্ডিত সংসদত আজমলৰ নিচিনা নিম্ন ৰুচিৰ ব্যক্তিয়ে স্থান পোৱাটো সমগ্ৰ জাতিৰ পক্ষে দুৰ্ভাগ্যৰ কথা৷ চক্ৰৱৰ্তীয়ে সংসদীয় বিধি মতেই এনেধৰণৰ অযোগ্য ব্যক্তিৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও মত প্ৰকাশ কৰে৷
ইফালে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে লখিমপুৰত আজমলৰ প্ৰতিকৃতি দাহ কৰি উজিনত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰে৷ অসমীয়া মুছলমান সমাজেও আজমলৰ এনে বক্তব্যক বিৰোধিতা কৰি তেওঁক ক্ষমা খোজাৰ দাবী জনাইছে৷ আনকি গৰিয়া-মৰিয়া দেশী এলেকাত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে৷
Comments