গুৱাহাটী,৪ ডিচেম্বৰ:ব্যক্তিগত কেৰিয়াৰৰ ১০০০ সংখ্যক ফুটবল মেচত প্ৰথম গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰিলে তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে ৷ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ নক আউট পৰ্যায়ৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৪ মিনিটত প্ৰথমটো গ’ল দিয়ে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে ৷ ২-১ গ’লত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিমধ্যে ফিফা বিশ্বকাপ ২০২২ ৰ কোৱাৰ্টাৰ ফাইনেত প্ৰৱেশ কৰিছে আৰ্জেন্টিনাই ৷
মেছিয়ে নিজৰ বিখ্যাত লেফ্ট ফুট শ্বটেৰে ৩৪ মিনিটত খেলখনৰ প্ৰথম গ’লটো কৰে ৷ এইটো হৈছে কাটাৰ বিশ্বকাপত মেছিৰ তৃতীয়টো গ’ল ৷ বিশ্বকাপৰ ইতিহাসত ৯ টা গ’লেৰে ডিয়াগো মাৰাডোনাক অতিক্ৰম কৰিলে মেছিয়ে ৷ ডিয়াগো মাৰাডোনাৰ বিশ্বকাপত গ’লৰ সংখ্যা আছিল ৮ টা ৷ ফুটবল কেৰিয়াৰত মেছিৰ বৰ্তমানলৈকে গ’লৰ সংখ্যা হৈছে ৭৮৯ টা ৷এইবাৰৰ বিশ্বকাপ জয়ৰ বাবে যেন পণ লৈছে আৰ্জেন্টিনা দলটোৱে ৷ কিয়নো এইখনেই হ’ব পাৰে মেছিৰ ফুটবল কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ ৷ বৰ্তমানলৈকে ৫ খন বিশ্বকাপত অংশ লৈছে লিঅ’নেল মেছিয়ে ৷
Comments