গুৱাহাটী,৪ ডিচেম্বৰঃপূৰ্বে সৰ্বশিক্ষাৰ অধীনত শিক্ষকতা কৰা তথা পৰৱৰ্তী সময়ত টেট পৰীক্ষাত উত্তীৰ্ণ ইউনিক আইডি প্ৰাপ্ত টেট উত্তীৰ্ণ সকলক শিক্ষক পদত নিযুক্তিৰ দাবী তুলিছে সদৌ অসম ইউনিক আইডি প্ৰাপ্ত টেট উত্তীৰ্ণ সন্থাই ৷ শনিবাৰে বৰপেটা প্ৰেছ ক্লাৱত সন্থাৰ বিষয়ববীয়াসকলে এখন সংবাদমেল সম্বোধন কৰি মানৱীয় দৃষ্টিভংগীৰে পূৰ্বে সৰ্বশিক্ষাত কাম কৰাৰ অভিজ্ঞতাৰ ভিত্তিত স্থায়ী নিযুক্তিৰ দাবী জনাইছে ৷
বিশেষকৈ ইউনিক আই ডি প্রাপ্ত অসম টেট উত্তীর্ণ প্ৰায় ৯৫০ গৰাকী টেট উত্তীৰ্ণক সুকীয়া বিজ্ঞাপনৰ যোগেদি নিযুক্তিৰ দাবী জনাইছে সন্থাটোৱে ৷ উল্লেখ্য যে, সৰ্বশিক্ষাত অস্থায়ীভাৱে কাম কৰি থকা শিক্ষকসকলে চৰকাৰী বিধি অনুসৰি টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ পিছে টেটত উত্তীৰ্ণ এইসকল সৰ্বশিক্ষাৰ শিক্ষকক নিযুক্তিৰ ক্ষেত্ৰতহে কোনো নীতি গ্ৰহন কৰা নাই চৰকাৰে ৷সেয়ে ইউনিক আইডি প্ৰাপ্ত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰি বিশেষ বিজ্ঞাপনৰ ব্যৱস্থা জৰিয়তে আৰু বয়সৰ উচ্চসীমা ৰেহাই দি নিযুক্তি প্ৰদান কৰিবলৈ সংবাদমেলত দাবী জনাই সদৌ অসম ইউনিক আইডি প্ৰাপ্ত টেট উত্তীৰ্ণ সন্থাৰ বিষয়ববীয়াসকলে ।
Comments