Cartoon
View Older
লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰত এতিয়া উঠিছে টকাৰ উজান ।
কাৰোবাৰ বেংকৰ একাউন্টত যদি সোমাইছে ৫০ হাজাৰ কাৰোবাৰ আকৌ সোমাইছে ৫ হাজাৰকৈ টকা । এই কাণ্ড ঘটিছে লখিমপুৰ জিলাৰ বগীনদীত । সেয়ে এতিয়া গ্ৰাহকে একাউণ্ট চেক কৰিবলৈ ভীৰ কৰিছে বেংক আৰু এ টি এমত ।
নিজৰ নিজৰ একাউন্টত কিমান টকা সোমাইছে তাক পৰীক্ষা কৰিবলৈ ৰাইজে লগাইছে হেতা ওপৰা । ৰাইজৰ একাউন্টত সোমোৱা এই ধন প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বুলি জানিব পৰা গৈছে ।
ফচল বীমা আৰু কৃষক সন্মান নিধিৰ ধন বেংক একাউণ্টত সোমোৱা বুলি বিয়পি পৰাত বেংকত ৰাইজৰ ভিৰ আজি এনেদৰে পৰিলক্ষিত হয় । জিলা খনৰ অন্যান্য প্ৰান্ততো বহু ৰাইজৰ বেংক একাউণ্টত সোমাইছে এই ধন ।
Comments