গুৱাহাটী, ১ ডিচেম্বৰঃ বহুতো ৱেবছাইটত প্ৰকাশিত হৈছে যে, মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে অনাগত মাহত তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাব পাৰে। এই খবৰটো যথেষ্ট ভাইৰেল হৈ পৰিছে। কিন্তু অৰ্জুন কাপুৰৰ এই সকলোবোৰ খবৰত ক্ষোভিত হৈ পৰিছে। সামাজিক মাধ্যমৰ প্লেটফৰ্ম ইনষ্টাগ্ৰামত, অৰ্জুন কাপুৰে মালাইকা অৰোৰাৰ গৰ্ভধাৰণৰ বাতৰিৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি বহু কথা লিখিছে। প্ৰতিবেদক আৰু ৱেবছাইটটো টেগ কৰি অভিনেতাজনে কৈছে যে, "এনে অসাৱধানতাৰে বাতৰি প্ৰকাশ কৰা হৈছে। এইটো ইমান অসংবেদনশীল আৰু অনৈতিক। প্ৰথমে মই মোৰ ইনষ্টাগ্ৰাম ষ্টৰীত কি পোষ্ট কৰিছো সেয়া চাই লওক।"
দৰাচলতে, প্ৰতিবেদনবোৰত মালাইকা অৰোৰা গৰ্ভৱতী বুলি দাবী কৰা হৈছে। মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ অক্টোবৰত লণ্ডনলৈ গৈছিল, য'ত দুয়োজনে তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকলক এই গৰ্ভধাৰণৰ বিষয়ে কৈছিল। এই বাতৰিটোত ক্ষোভিত হৈ অভিনেতাজনে কয় যে মই প্ৰায়ে এনে ভুৱা খবৰক উপেক্ষা কৰো।"
Comments